বন্ধ হৈ গ’ল টাটা ছুমোৰ উৎপাদন আৰু বিক্ৰী; ইতিহাস হ’ব বজাৰত ২৫ বছৰ ৰাজত্ব কৰা বাহনখন

tata sumo

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

আজিৰ পৰা কিছু বছৰ আগলৈ টাটা ছুমোৰ ভাৰতীয় গাড়ী বজাৰত এক শক্তিশালী ভেটি আছিল। চহৰৰ তুলনাত টাটা ছুমো গাঁও অঞ্চলত বেছি জনপ্ৰিয় আছিল।

কিন্তু টাটা ছুমোই ভাৰতীয় বজাৰক বিদায় জনাবলৈ সাজু হৈছে।এতিয়া টাটা ছুমো মাথো ভাৰতীয় লোকৰ মনত ইতিহাস হৈ ৰৈ যাৱ।

টাটা ছুমোই ভাৰতত প্ৰায় ২৫ বছৰ ধৰি ৰাজত্ব কৰে। ১৯৯৪ চনত টাটা ছুমোই প্ৰথমবাৰৰ বাবে ভাৰতীয় গাড়ী বজাৰত ভুমুকি মাৰিছিল।

২৫ বছৰৰ পাছত কোম্পানীয়ে ২০১৯ চনত টাটা ছুমোৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, এতিয়ালৈ কোম্পানীৰ ফালৰ পৰা টাটা ছুমো বন্ধ কৰা সন্দৰ্ভত কোনোধৰণৰ অনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ই শীঘ্ৰে বন্ধ হ’ব বুলি স্পষ্ট ধাৰণা কৰা হৈছে।

টাটা ছুমোৰ মূল্য ৭.৩৯ টকাৰ পৰা ৮.৭৭ লাখ টকাৰ ভিতৰত।

বিশেষ সূত্ৰৰ পৰা টাটা মোটৰ্ছে টাটা ছুমোৰ বিক্ৰী বন্ধ কৰিছে বুলি জানিব পৰা গৈছে। টাটা ছুমোৰ বিক্ৰী বন্ধ কৰাৰ আৰত ইয়াৰ মডেল পুৰণা হৈ যোৱা বুলি কোৱা হৈছে।

নতুন চেফটি উপকৰণৰ আধাৰত গাড়ীখনত নতুনকৈ ভালেসংখ্যক পৰিবৰ্তন কৰিব লাগিব বুলিও জানিব পৰা গৈছে।

টাটা ছুমোৰ বিক্ৰী বন্ধ হৈ যোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল বছৰ বছৰ ধৰি ইয়াৰ বিক্ৰী হ্ৰাস পাই অহাটো। ইয়াক নতুন ৰূপত সজোৱাৰ বাবেও কোম্পানীয়ে বৃহৎ পৰিমাণত মূলধন খটাব লাগিব যাৰ ফলত কোম্পানীৰ লাভ হোৱাৰ সম্ভাৱনা কম। এনেবোৰ কাৰণতে কোম্পানীয়ে টাটা ছুমোক বন্ধ কৰাৰ সিদ্ধান্ত লয়।

টাটা ছুমোই শেহতীয়া মডেল টাটা ছুমো গোল্ড বজাৰত মুকলি কৰিছিল আৰু ইয়াত চৰকাৰে বান্ধি দিয়া নিম্নতম থাকিবলগীয়া সকলো ধৰণৰ ছেফটি উপকৰণ সংলগ্ন কৰা হৈছিল।