NORTHEAST NOW (Assamese)

শনিবাৰে শপত ল’ব মেঘালয়ৰ নৱ নিযুক্ত ৰাজ্যপাল তথাগত ৰয়ে

August 24, 2018 6:04 pm · এন ই নাও নিউজ

শনিবাৰে শপত ল’ব মেঘালয়ৰ নৱ নিযুক্ত ৰাজ্যপাল তথাগত ৰয়ে।

শ্বিলঙৰ ৰাজ ভৱনত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব ৰাজ্যপালগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠান।

মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ য়াকুব মীৰে ৰয়ক কাৰ্য্যালয় আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব।

ত্ৰিপুৰাৰ ৰাজ্যপাল ৰয়ক ছিকিমৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদৰ স্থানত নিযুক্তি দিয়া হ’ব।

গংগা প্ৰসাদে যোৱা ৫ অক্টোবৰত মেঘালয়ৰ ৰাজ্যপালৰূপে শপত গ্ৰহণ কৰিছিল।

ত্ৰিপুৰাৰ ৰাজ্যপালৰূপে ৰয়ৰ ঠাইত হাৰিয়ানাৰ ৰাজ্যপাল কাপ্তান সিং চোলাংকিক বদলি কৰা হৈছে।

Related News