NORTHEAST NOW (Assamese)

বঙাইগাঁৱত কৰ বিভাগৰ অভিযান ,ৰে’লৰে কৰ ফাঁকি দি অনা বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ

October 2, 2021 8:14 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: October 2, 2021 8:15 pm

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত বিক্ৰী কৰ বিভাগে অভিযান চলাই কৰ ফাঁকিৰে অসমত প্ৰৱেশ কৰা বৃহৎ পৰিমাণৰ বস্ত্ৰ, জোতা আদি জব্দ কৰে ৷

জানিব পৰা মতে উজনিমুৱা ক’ভিড স্পেচিয়েল ৰে’লখনেৰে কঢ়িয়াই আনিছিল উক্ত বৃহৎ পৰিমাণৰ সামগ্ৰীখিনি ৷
কিন্তু বিক্ৰী কৰ বিভাগে সামগ্ৰীসমূহ কৰ ফাঁকিৰে কঢ়িয়াই অনাৰ তথ্য লাভ কৰি অভিযান চলায় ৷

অভিযানকালত কৰ বিভাগৰ দলে প্ৰায় ৬০০ বস্তা সামগ্ৰী জব্দ কৰিছে ৷ ইপিনে ৰে’লৱে আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে এই সামগ্ৰীখিনি হাওৰাৰ পৰা ৰে’লখনত কঢ়িয়াই আনিছিল ৷ সামগ্ৰীসমূহ ৰাজ্যৰ বিভিন্ন ঠাইলৈ প্ৰেৰণৰ বাবে কঢ়িয়াই অনা হৈছিল ৷

জব্দ কৰা বস্তাসমূহৰ ওপৰত গুৱাহাটী, গোৱালপাৰা, বঙাইগাঁও, লক্ষীমপুৰ, দুধনৈ আদি ঠাইৰ নাম উল্লেখ থকা বুলিও সদৰি কৰে ৷

ইপিনে উত্থাপিত অভিযোগ অনুসৰি শাৰদীয় উৎসৱৰ সময়ত প্ৰতি বছৰে এক চক্ৰই বহিঃ ৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ বিক্ৰকৰ ফাঁকিৰে ৰে’যোগে এনেদৰে সামগ্ৰী অসমলৈ কঢ়িয়াই আনি ব্যৱসায় কৰি আহিছে ৷ কিন্তু ইয়াৰ ফলত প্ৰতি বছৰে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলীয়া হৈছে ৷

উল্লেখ্য যে জব্দকৃত সামগ্ৰীসমূহ কৰ বিভাগৰ দলে হিচাপ কৰি আছে আৰু কিমান কৰ ফাঁকি দিছে সেইবোৰ পৰীক্ষা কৰি আছে ৷

ইপিনে সামগ্ৰীসমূহ ৰে’লখনত বিভিন্ন ঠাইলৈ বুকিংযোগে অনা হৈছিল বুলিও জানিব পৰা গৈছে ৷

সামগ্ৰীসমূহ জনৈক ৰমেশ আৰু উমেশৰ নামত আহিছিল ৷ এইদৰেই এতিয়া কৰ ফাঁকিৰে একাংশ চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ৷

Related News