বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে শাসনলৈ অহাত মাত্ৰ ৩৫ টকাহে বৃদ্ধি কৰিলে। সেয়েহে আজি অসমৰ সকলো বাগিচাৰ কামকাজ ১২ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক-কৰ্মচাৰীসকলে।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰৰ দাওলাবাৰীৰ চাহ ফেক্টৰীৰ সমীপত প্ৰায় ৫০০ ৰো অধিক শ্ৰমিক একগোট হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পল্লৱ লোচন দাস আৰু চাহ জনজাতিৰ নেতা পৱনসিং ঘাটোৱাৰৰ প্ৰতিমূৰ্তি দাহেৰে পৰিৱেশ উত্তাল কৰি তোলে।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাকৰাই সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতি মিথ্যাচাৰত পৰিণত হৈছে।
উল্লেখ্য যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আছাৰ লগতে চাহ মজদুৰ সংঘ, শ্ৰমিক সংগঠন আৰু ছাত্র সংগঠন সমূহে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু আমাৰ দাবীক আজিলৈ চৰকাৰে কোনো সহাৰি দিয়া পৰিলক্ষিত হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে।
লাকৰাই কয় যে আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো বিজেপিয়ে ৰাজনৈতিক ইচ্যু কৰাৰ লক্ষ্য বান্ধি লৈছে। সেয়ে তেওঁলোকে আমাৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাই।
আনহাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো যদি চৰকাৰে শীঘ্ৰে নিষ্পত্তি নকৰে তেন্তে অসমৰ সকলো চাহ ফেক্টৰী বন্ধ কৰি দিয়া হ’ব বুলিও ছাত্ৰ সংগঠনটোৱে ভাবুকি প্ৰদান কৰে।