বিশ্বনাথত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

চাহ বোৰ্ডৰ নিৰ্দেশনা মতে কেঁচা চাহ পাতৰ মূল্য নিৰ্ধাৰণৰ দাবী

a tea

ৰাজ্য খনৰ আন আন জিলাৰ তুলনাত বিশ্বনাথ জিলাতেই কেঁচা চাহ পাতৰ মূল্য সৰ্বনিম্ন।

এই অভিযোগ বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। বিশ্বনাথ জিলাৰ কাষৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা, লখিমপুৰ জিলাৰ বটলিফ ফেক্টৰী সমূহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক যি হাৰত মূল্য প্ৰদান কৰি আহিছে তেনে মূল্য প্ৰদান কৰা নাই বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়কক।

এনে দৰে কেঁচা চাহ পাতৰ মূল্য হ্ৰাস কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।

বিশ্বনাথ চাৰিআলিৰ হিমাল়য় ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে সন্থাৰ সাধাৰণ সম্পাদক ডা: ৰঞ্জন গগৈ, উপ সভাপতি টিকাৰাম শৰ্মা আৰু সহ সম্পাদক দেৱব্রত মেধিয়ে।

সংবাদ মেলত বিষয়ববীয়া সকলে কয় যে অসমৰ ২৫ লাখ মানুহ প্ৰত্যক্ষ ভাবে চাহৰ লগত জৰিত হৈ আহিছে। ইয়াত প্ৰায় ৬ নিযুত কেঁচা চাহ পাত উৎপন্ন হয়। কিন্তু কেঁচা চাহ পাত ক্ৰয়ৰ ক্ষেত্ৰত ব’টলিফ ফেক্টৰি সমূহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক প্ৰতাৰণা কৰি আহিছে বুলিও অভিযোগ কৰে।

ডাঃ ৰঞ্জন গগৈয়ে অভিযোগ কৰা মতে  ফেক্টৰি সমূহে উৎপাদনৰ  প্ৰায় ৫০ শতাংশ স্থানীয় ভাৱে নিলাম কৰিব লাগে যদিও এই ব্যৱস্থা কৰা নাই।

  তেওঁলোকে আনকি টি বোৰ্ডৰ নিৰ্দেশ মানি চলা নাই বুলিও সন্থাৰ অভিযোগ। সেই মতে প্ৰতি কেজি কেঁচা চাহ পাতত ৩৬.৪৬ টকা দিব লাগে যদিও বৰ্তমান চাহ বাগিচা সমূহে নিজৰ খেয়াল  খুচি মতে দাম নিৰ্ধাৰণ কৰিছে।

যোৱা ৫ নৱেম্বৰৰ পৰা আনকি একাংশ বাগিচাই কেঁচা চাহ পাতৰ মূল্য ১১ টকা কৰাত উদ্বেগ প্ৰকাশ কৰে সন্থাৰ বিষয় ববীযা কেইজনে।

তেওঁ লোকে নিলাম কেন্দ্ৰত বৰ্তমান  উচিত মূল্য পাই থকা সময়ত নূন্যতম প্ৰতি কেজি কেঁচা চাহপাতত ২৬ টকা কৰিবৰ বাবে দাবী জনাইছে।