যোৰহাটৰ গটঙা চাহ বাগিচাত বিভিন্ন দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ফটো: নৰ্থইষ্ট নাও।

যোৰহাটৰ জিলাৰ গটঙা চাহ বাগিচাত চাহ শ্ৰমিকসকলে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে। চাহ শ্ৰমিকসকলে দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, গটঙা প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকে এই দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

লগতে পঢ়ক:হাজোত বস্তাই-বস্তাই জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা; আটক গাঞ্জা ব্যৱসায়ী

প্ৰতিবাদকাৰীসকলে গটঙা চাহ বাগিচাত যিসকল যুৱকে শিকাৰু হিচাপে কৰ্মৰত হৈ আছে তেওঁলোকক খালি হৈ থকা কৰ্মচাৰী পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, গটঙা চাহ বাগিচাত বহুদিন ধৰি খালি হৈ থকা জনকল্যাণ বিষয়া অতি শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, যিসকল অস্থায়ী শ্ৰমিকে ১৫/২০ বছৰ ধৰি বাগিচাত শ্ৰম দান কৰি আহিছে সেই সকল শ্ৰমিকক স্থায়ী শ্ৰমিক হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক: সামাজিক মাধ্যমত ‘ষ্টেটাছ’ দি নিৰুদ্দেশ শিক্ষাৰ্থী; দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য

প্ৰতিবাদকাৰীসকলে লগতে চাহ বাগিচা কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁলোকৰ দাবী মানি নল’লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।