NORTHEAST NOW (Assamese)

প্ৰস্ৰাৱ কৰি পেণ্ট তিয়োৱাৰ শাস্তি; ৩ বছৰীয়া শিশুৰ গোপনাংগ জ্বলালে শিক্ষকে

September 3, 2022 9:36 am · এন ই নাও নিউজ, গুৱাহাটী

মাত্ৰ তিনি বছৰীয়া এটি শিশু। প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰি পেণ্টটোকে তিয়াই দিলে। এই অপৰাধৰ বাবেই শিশুটিৰ গোপন অংগ জ্বলাই দিয়াৰ অভিযোগ উঠিছে অংগনৱাড়ী শিক্ষক আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে। কৰ্ণাটকৰ টুমাকুৰু জিলাৰ গডকেৰেৰ অংগনৱাড়ী ডে কেয়াৰ চেণ্টাৰত সংঘটিত ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

স্থানীয় তথা আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, তিনি বছৰীয়া শিশুটোৱে প্ৰায় সদায় প্ৰস্ৰাৱ চেপি ৰাখিব নোৱাৰাৰ বাবে তেওঁৰ পেণ্ট তিয়াইছিল। ইয়াৰ বাবে সদায় গালি-শপনিও খাইছিল।

লগতে পঢ়ক: Maternity Leave: মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হ’লেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী

অভিযোগ অনুসৰি অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীয়ে শিশুটিক ‘এসেকা’ দিবলৈ গৈ দিয়াচলাইৰ কাঠি জ্বলাই শিশুটিৰ ব্যক্তিগত অংগ পুৰি দিয়ে। জানিব পৰা মতে শিশুটোৰ ব্যক্তিগত অংগৰ লগতে উৰুৰ কিছু অংশও জুইত পুৰি গৈছে।

ঘটনাটোৰ পিছত শিশুটোৱে যন্ত্ৰণাত চিঞৰি থাকে। স্কুল ছুটীৰ পিছত কেনেবাকৈ আহি ঘৰত উপস্থিত হয়। শিশুটিক দেখি পৰিয়ালৰ লোকসকলে বুজিব পাৰিলে যে কিবা এটা ঘটিছে। শিশুটোক সোধাপোছা কৰি সকলো জানিব পাৰে আৰু শিশুটিৰ আঘাতো দেখা পায়। তাৰ পিছতে তেওঁলোকে বিদ্যালয় আৰু আৰক্ষী চকীলৈ গৈ অভিযোগ দাখিল কৰে।

লগতে পঢ়ক: Gotabaya Rajapaksa returns: স্বনিৰ্বাসন সামৰি স্বদেশলৈ উভতিল শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে

স্থানীয় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰিও জিলাখনৰ শিশু সুৰক্ষা বিভাগে বিষয়টো অনুসন্ধান কৰি আছে।

অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীক ইতিমধ্যে জেৰা কৰা হৈছে। ৩ বছৰীয়া শিশুটিৰ পৰিয়ালৰ সদস্যসকলৰ ভাষ্যও লিপিবদ্ধ কৰা হৈছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজেও অংগনৱাড়ী কেন্দ্ৰটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। সকলোৰে প্ৰশ্ন যে তিনি বছৰীয়া শিশুটিৱে এতিয়াও ভালদৰে অনুভৱ কৰিব পৰাই হোৱা নাই। কিন্তু এজন শিক্ষক আৰু এজন শিক্ষা কৰ্মীয়ে কেনেকৈ তাৰ সৈতে এনে ধৰণৰ নৃশংস কাৰ্য্য কৰিব পাৰে?

বাতৰি অনুসৰি, অভিযুক্ত শিক্ষক আৰু তেওঁৰ সহযোগীক ইতিমধ্যে নিলম্বিত কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে। 

Related News