শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত নামিল শিক্ষক: খোদ শিক্ষামন্ত্ৰীৰ সমষ্টিতে আত্মহত্যা শিক্ষকৰ

Teacher's Day

ভৱিষ্যত নিৰ্মাণৰ বৃত্তিত নিয়োজিত শিক্ষক সকলৰ সন্মানাৰ্থে আজি সমগ্ৰ দেশে পালন কৰিছে শিক্ষক দিৱস। বাদ পৰা নাই অসমো। পিছে এই পবিত্ৰ দিনটোতে ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা উদঙাই আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি ল’বলৈ বাধ্য হৈছে এগৰাকী শিক্ষকে।

এই চৰম ঘটনা সংঘটিত হৈছে খোদ ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীৰ সমষ্টিতে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিনিধিত্ব কৰা ধেমাজি সমষ্টিৰ অন্তৰ্গত বৰদলনি শিক্ষাখণ্ডৰ অধীনস্থ ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষকে আজি আত্মহত্যা কৰাৰ ঘটনাই শিক্ষা খণ্ডলৈ অসম চৰকাৰৰ অৱহেলাক পুনৰবাৰ প্ৰতিফলিত কৰি তুলিছে।

আত্মহত্যাৰ দৰে নিৰ্মম পথ বাছি লোৱা ৰাজেন বনিয়া নামৰ শিক্ষক গৰাকীয়ে দীৰ্ঘদিন ধৰি বিনা বেতনেৰে বিদ্যালয়খনত শিক্ষাদান কৰি আহিছিল। জানিব পৰা মতে ৰাজেন বনিয়াই প্ৰথমে অপ্ৰাদেশীকৃত অৱস্থাত থকা এখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল।

পিছলৈ ২০১৩ চনৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হৈছিল তেওঁৰ কৰ্তব্যৰত বিদ্যালয়খন।

কিন্তু শিক্ষক পদ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত নিজৰ নাম নোসোমোৱাত ভাগি পৰে ৰাজেন বনিয়া। এনে পৰিস্থিতিত মানসিক অস্থিৰতাত ভুগি অৱশেষত বনিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়।

শিক্ষক গৰাকীৰ আত্মহত্যাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ইফালে আজি এই পবিত্ৰ দিনটোতে আন্দোলনতো নামি পৰিছে ৰাজ্যৰ একাংশ শিক্ষক। চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাদেশীকৰণৰ দাবীৰ ৰাজ্য মৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষক সকলে।