NORTHEAST NOW (Assamese)

নাম নাই এন আৰ চিত! টংলাত হতাশাত আত্মহত্যাৰ পথ বাছি ল’লে শিক্ষকে

October 14, 2018 7:39 pm · চাজিদ খান
প্ৰতিনিধিত্বমূলক ফটো

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাৰ বাবে হতাশাগ্ৰস্ত হৈ আজি আবেলি প্ৰায় ৪.৩০ মান বজাত টংলাৰ জালুকবাৰী ৰে’লৱে কোৱাৰ্টাৰত ভাৰাতীয়া হিচাপে থকা এজন ৫৯ বছৰীয়া শিক্ষকে আত্মহত্যা কৰে। শিক্ষকজনে আত্মহত্যাৰ পথ বাছি লোৱাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

হাতীগড় এন আৰ চি সেৱা কেন্দ্ৰত কৰ্মৰত তথা টংলা মডেল হাইস্কুলৰ সহকাৰী শিক্ষকজন দৰং জিলাৰ মঙলদৈৰ কৰিমচকৰ নিবাসী বিমল চন্দ্ৰ ঘোষ বুলি জানিব পৰা গৈছে।

টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গা কিংকৰ শৰ্মাই এই সমগ্ৰ ঘটনাটো আত্মহত্যা বুলি সদৰী কৰে। ইফালে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা যায়।

ইফালে শিক্ষকজনৰ এন আৰ চিৰ খচৰাত নাম নহা বাবেই আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে বুলি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ সংগঠনৰ ওদালগুৰি জিলা সমিতিয়ে মন্তব্য কৰে।

আনহাতে টংলা মডেল হাইস্কুলৰ অধ্যক্ষ ভজন সৰকাৰে কয় ‘এন আৰ চিৰ কাম-কাজক লৈ তেওঁ মুঠেও সন্তুষ্ট তথা আশ্বস্ত হ’ব পৰা নাছিল’।

মৃত্যুৰ সময়ত শিক্ষক বিমল চন্দ্ৰ ঘোষে দুজন পুত্ৰক এই সংসাৰত এৰি থৈ যায়।

Related News