শিৱসাগৰত চিকিৎসাৰ অভাৱত পুনৰ বেতন বঞ্চিত শিক্ষকৰ কৰুণ মৃত্যু

Teacher story

মৃত্যু হোৱা দুৰ্ভগীয়া শিক্ষক গৰাকী

শিৱসাগৰত চিকিৎসাৰ অভাৱত পুনৰ এজন বেতন বঞ্চিত শিক্ষকৰ মৃত্যু হোৱা ঘটনাই  সমগ্ৰ জিলাখনত শোকৰ ছাঁ পেলাইছে।

শিৱসাগৰৰ নাজিৰাৰ বালিঘাটস্থিত অতুল শৰ্মা(৫৭) নামৰ শিক্ষক গৰাকীয়ে নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ বাউলি মৈডাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল।

১৯৯৪ চনতে চাকৰিত যোগদান কৰা শিক্ষক গৰাকী বিগত ২০১২ চনৰ মাৰ্চ মাহৰ পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছিল আৰু চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালি ল’ব লগা হয়।

প্ৰয়াত শিক্ষক গৰাকী কিছুদিন পূৰ্বে যকৃত ৰোগত আক্ৰান্ত হৈ আছিল। টকাৰ অভাৱৰ বাবে শিক্ষকজনে উপযুক্ত চিকিৎসা কৰিব পৰা নাছিল।

কিছুদিন ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ থকাৰ পাছত ৫ মে’ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় দুৰ্ভগীয়া অতুল শৰ্মাৰ।

উল্লেখ যোগ্য যে, শিৱসাগৰৰ প্ৰায় ১,৫৩০ গৰাকী শিক্ষক ২০১২ চনৰ পৰা প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আছে।

দৰমহা বঞ্চিত শিক্ষক সকলৰ পৰিয়ালৰ অৰ্থৰ অভাৱৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

বিগত সময়ত প্ৰতিখন চৰকাৰে এইসকল শিক্ষকৰ সমস্যা সমাধান কৰাৰ নামত প্ৰতাৰণা কৰি আহিছে।

শিৱসাগৰ জিলাত এতিয়ালৈকে প্ৰায় ৪০ জনৰো অধিক বেতন বঞ্চিত শিক্ষকৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছে।

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগ আৰু সভানেত্ৰী হেমাঞ্জলী ভূঞা দত্তই সতীৰ্থ শিক্ষক অতুল শৰ্মাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

বৈধতা থকা অসমৰ সকলো শিক্ষকৰে চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক আৰু সভানেত্ৰী গৰাকীয়ে।

‘‘কিছু দিন পূর্বে বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা নাজিৰালৈ আহোঁতে অতি সোনকালে চাকৰি নিয়মীয়াকৰণ হোৱাৰ আশ্বাস প্রদান কৰিছিল। তাৰোপৰি বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি কেইবাখনো নিৰ্বাচনী সভাত ৰাজহুৱাকৈ ঘোষণা কৰিছিল যদিও সকলো অশাৰ হ’ল,’’ বসন্ত নেওগে লগতে কয়।