NORTHEAST NOW (Assamese)

প্ৰশংসনীয় দৃষ্টান্তৰে কৰ্মৰত বিদ্যালয়ৰ ন্যাসলৈ ২ লাখ টকা দান টীয়কৰ শিক্ষকৰ

February 22, 2020 10:21 pm · এন ই নাও নিউজ

যোৰহাটৰ টীয়কৰ মনু শইকীয়া নামৰ এজন শিক্ষকে প্ৰশংসনীয় দৃষ্টান্তৰে তেওঁ কৰ্মৰত বিদ্যালয়ৰ ন্যাসলৈ দুই লাখ টকা দান কৰিছে।

টীয়ক নগৰস্থিত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বৃত্তিমূলক শিক্ষাৰ শিক্ষক মনু শইকীয়াই এই প্ৰশংসনীয় কাম কৰিছে।

মাহিলীৰ দৰমহাৰ সঞ্চয়ৰ পৰা আগবঢ়োৱা ধনখিনি বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰথম তিনিটা স্থান পোৱা ছাত্ৰীসকলক পুৰস্কৃত কৰা হ’ব।

তদুপৰি চলিত বছৰত বিদ্যালয়খনৰ শ্ৰেষ্ঠ ছাত্ৰী প্ৰতিভা শইকীয়াক এই ন্যাসৰ পৰা বিশেষভাৱে পুৰস্কৃত কৰা হৈছে।

বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হোৱা বাৰ্ষিক বঁটা বিতৰণী সভাত আনুষ্ঠানিকভাৱে এই ন্যাসৰ পুঁজি বিদ্যালয় কৰ্তৃপক্ষৰ হাতত শইকীয়াই আগবঢ়ায়।

লগতে ছাত্ৰীসকলকো পুৰস্কৃত কৰা হয়।

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডা: মহানন্দ নেওগৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই ন্যাস বঁটা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

Related News