টীয়কত যোৰহাট জিলা প্ৰশাসন, শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

Teachers' Day celebrated in Jorhat's Teok

যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে টীয়কত শিক্ষক দিৱস উদযাপন কৰে।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান চিন্তাবিদ ভাৰত ৰত্ন ° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন চেপ্তেম্বৰৰ দিনটোত সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়।

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ২০২০ বৰ্ষৰ শিক্ষক দিৱসৰ অনুষ্ঠানটি টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হয়।

যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে বন্তি প্ৰজ্বলন আৰু মহান শিক্ষক গৰাকীৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি শুভাৰম্ভ কৰা এই কাৰ্যসূচীত মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ড বিষয়া অৱনী গগৈ,পূব যোৰহাট প্ৰাথমিক শিক্ষা খণ্ড বিষয়া উৎপল বৰুৱাকে প্ৰমুখ্য কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মনিষীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

তাৰ পাছতেই যোৰহাট আৰু মাজুলী দুয়োখন জিলাৰ শিক্ষাজগতৰ ক্ষেত্ৰখনত বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৪জন শিক্ষকক কৃতি শিক্ষক হিচাপে বিবেচিত কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰা দুখনকৈ বিদ্যালয়ক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।

লগতে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ° অনিল শইকীয়াই উক্ত সম্বৰ্দ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বৰ্তমানৰ চৰকাৰৰ নতুন শিক্ষাৰ নীতিৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰি তত্বগধুৰ ভাষণেৰে সকলোকে আপ্লুত কৰে।