বোকাখাতত শিক্ষক দিৱসৰ বিশেষ অনুষ্ঠান; বিশিষ্ট শিক্ষক-সাংবাদিক বুবুল দত্তক বিদায় সম্বৰ্ধনা

Teachers Day.050918

সমগ্ৰ দেশৰ লগতে বোকাখাতটো আজি শিক্ষক দিৱস উদযাপন কৰা হয়। বোকাখাতৰ ৰজাবাৰীৰ নেপালী খুটি বনুৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক, নেপালী খুটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুল দত্তক বিদায় সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে, বোকাখাত মহকুমা সাংবাদিক সংস্থাই প্ৰকাশ কৰি উলিওৱা শিক্ষকতা, সাংবাদিকতাকে ধৰি বিভিন্ন দিশতে সেৱা আগবঢ়াই অহা বুবুল দত্তৰ জীৱন পঞ্জীৰ আধাৰত প্ৰস্তুত কৰা ‘সংগ্ৰাম আন এটি নাম জীৱনৰ’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰা হয়।

সমাজকৰ্মী মৃদুল বৰাই পৌৰাহিত্য কৰা উক্ত সভাত অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে নুমলীগড়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই।

নেপালী খুটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী উমা আচাৰ্যই আদৰণি ভাষণেৰে আৰম্ভ কৰা আৰু অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই উন্মোচন কৰা সভাখনত উপস্থিত থকা কেইবাগৰাকী বক্তাই বুবুল দত্তৰ কৰ্ম জীৱনৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।

অসম ৰাজ্যিক সাংবাদিক সংস্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এচ’চিয়েচন, বোকাখাত প্ৰেছ ক্লাব, ফৰকাটিং প্ৰেছ ক্লাব, নেপালী খুটি বনুৱা প্ৰাথমিক বিদ্যালয়, বিদ্যালয় পৰিচালনা সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি, বোকাখাত পুৱতি সাহিত্য সভাৰ লগতে প্ৰায় কুৰিৰো অধিক সামাজিক সংগঠন আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে দত্তক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে |

ইফালে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি পুৱা বিদ্যালয় প্ৰাঙ্গনত বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি গোপাল কুমাৰ দাস আৰু উদযাপন সমিতিৰ সভাপতি থানেশ্বৰ শইকীয়াই গছ পুলি ৰোপন কৰাৰ পিছতে ড০ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ অন্যতম প্ৰতিষ্ঠাপক চেনিৰাম শইকীয়াই।