শিক্ষক দিৱস উপলক্ষে সমগ্ৰ অসমৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছে গুৱাহাটীৰ ছান ভেলি হস্পিটেলে।
অহা বুধ আৰু বৃহস্পতিবাৰে দিনৰ ১০ৰ পৰা ১ বজাৰ ভিতৰত গুৱাহাটীৰ জি এছ ৰ’ডত থকা চিকিৎসালয়খনত ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে চিকিৎসালয়খনে।
উক্ত দুটা দিনত ৰোগ পৰীক্ষাৰ ক্ষেত্ৰটো শিক্ষকসকললৈ ২০ শতাংশ ৰেহাই আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছে চিকিৎসালয়খনে।
শিবিৰটোত সেৱা আগবঢ়াব চিকিৎসালয়খনৰ মধুমেহ ৰোগ বিশেষজ্ঞ ডাঃ মুকুল বৰা আৰু জেনেৰেল মেদিচিন বিশেষজ্ঞ ডাঃ তপন শৰ্মাই।
শিবিৰটোৱে প্ৰাথমিক শিক্ষকসকলৰ ‘সামান্য হ’লেও হিত সাধন কৰিব’ বুলি আশা প্ৰকাশ কৰিছে চিকিৎসালয়খনৰ পৰিচালন সঞ্চালক অভয় চন্দ্ৰ হাজৰিকাই।
‘কৰ্তব্যৰ খাতিৰত প্ৰাথমিক শিক্ষকসকলে নিজৰ শৰীৰৰ যত্ন লোৱাত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। প্ৰতিদিনে দীৰ্ঘ সময় থিয় হৈ পাঠদান কৰা, আহাৰ গ্ৰহণত অনিয়মীয়তা আদি বিভিন্ন কাৰকে তেওঁলোকক জুৰুলা কৰে। সমাজৰ ভেটি প্ৰস্তুত কৰা এইসকল শিক্ষাগুৰুৰ প্ৰতি সামান্য হ’লেও সহায়ৰ হাত আগবঢ়োৱাৰ বাবেই চান ভেলিৰ তৰফৰ পৰা এই শিবিৰ আয়োজন কৰা হৈছে,’ হাজৰিকাৰ মন্তব্য।
শিক্ষকসকলে শিবিৰলৈ নিজৰ পৰিচয় পত্ৰ লগত আনিব লাগিব। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে ৯৮৬৪৩৬৯৯৯১ ফ’ন নম্বৰত শিক্ষকসকলে যোগাযোগ কৰিব পাৰে।