শিক্ষক দিৱস: হাফলঙত ডিমা হাচাওৰ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনাব শিক্ষা বিভাগে
শিক্ষক দিৱস উপলক্ষে অহা বুধবাৰে ডিমা হাচাও জিলাৰ মুঠ ৬গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনাব শিক্ষা বিভাগে।
জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক গায়ত্ৰী নাইডিঙে এক জাননী যোগে এই কথা সদৰী কৰিছে।
জাননীত উল্লেখ কৰা অনুসৰি সম্বৰ্ধনা জনাব লগা অৱসৰপ্ৰাপ্ত শিক্ষকসকল মাইবাঙ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী সুচিত্ৰা সিনহা, চংপিজান হাইস্কুলৰ হিন্দী শিক্ষক সুসেন্দ্ৰ শেখৰ দে, হাতিখালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰমা বসু, লাংটিং হাইস্কুলৰ সহকাৰী শিক্ষক ধীৰেন্দ্ৰ দাস, ব’ৰ আকৰেপ হাইস্কুলৰ শিক্ষক দিল বাহাদুৰ থাপা, আৰু টুলপুই হাইস্কুলৰ শিক্ষক আব্দুল কুদ্দুচ।
ইয়াৰ বাহিৰেও হাফলং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অনুপম চৌধুৰী, ডনবস্ক’ এইচ এছ স্কুলৰ শিক্ষয়িত্ৰী শ্যামলী চক্ৰবৰ্ত্তীকো অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হ’ব।
হাফলং কালচাৰেল ইনস্টিটিউটৰ প্ৰেক্ষাগৃহত অনুষ্ঠানটো অনুষ্ঠিত হ’ব।