NORTHEAST NOW (Assamese)

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

June 26, 2022 9:42 am · এন ই নাও নিউজ, গুৱাহাটী

India tour of England ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে টীম ইণ্ডিয়াৰ বাবে এক বৃহৎ আঘাত। দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। বিচিচিআইয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে।

ভাৰত বনাম ইংলেণ্ডৰ পঞ্চম টেষ্টখনৰ সৈতে কৰ’নাৰ সম্পৰ্ক ছিঙিব নোৱাৰা হৈ পৰিছে। ভাৰতে যোৱা বছৰ ইংলেণ্ডত পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিছিল। প্ৰথম চাৰিখন সুচাৰুৰূপে হয় যদিও পঞ্চম টেষ্টৰ আগতে কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল যাৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল।

টেষ্ট মেচখন ১ জুলাইত আৰম্ভ হোৱাৰ কথা। কিন্তু তাৰ পূৰ্বে যেন পুনৰ কৰ’নাৰ আতংকই দেখা দিছে।

এক টুইটাৰ যোগে বিচিচিআইয়ে কয়, “শনিবাৰে ৰেপিড এণ্টিজেন টেষ্ট (আৰ এ টি) কৰাৰ পিছত, #TeamIndiaৰ অধিনায়ক ৰোহিত শৰ্মাৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। তেওঁ বৰ্তমান দলৰ হোটেলত আইছ’লেশ্যনত আছে আৰু বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে।‘’

কেইদিনমান পূৰ্বে, ভাৰতীয় দলটোৱে ইংলেণ্ড ভ্ৰমণ কৰাৰ ঠিক আগেয়ে ৰবিচন্দ্ৰন অশ্বিন কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল। অৱশ্যে তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু শেহতীয়াকৈ ভাৰতীয় শিবিৰত যোগদান কৰিছে।

ৰোহিত শৰ্মা ইংলেণ্ডৰ কাউণ্টি ক্লাব লেষ্টাৰশায়াৰৰ বিৰুদ্ধে এখন অনুশীলন মেচ খেলাত ব্যস্ত আছিল। দৰাচলতে ভাৰতে বাৰ্মিংহামৰ এজবাষ্টনত আৰম্ভ হোৱা টেষ্টৰ পূৰ্বে প্ৰস্তুতিমূলক এই চাৰিদিনীয়া খেলখন খেলিছে। ৰোহিতে বৃহস্পতিবাৰে প্ৰথম ইনিংছত বেটিং কৰিছিল যদিও শনিবাৰে ভাৰতৰ দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহা নাছিল। প্ৰস্তুতিমূলক খেলখনৰ প্ৰথম ইনিংছত তেওঁ ২৫ ৰাণত আউট হৈছিল।

বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে যোৱা বছৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ২-১ ব্যৱধানত আগবাঢ়ি আছিল। ৰোহিতে চলিত বছৰৰ আৰম্ভণিতে ঘৰৰ মাটিত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ নেতৃত্ব দিছিল। ভাৰতে শৃংখলাটো ২-০ত জিকিছিল। যদি ৰোহিত শৰ্মা এজবাষ্টনৰ খেলখনৰ পূৰ্বে সুস্থ হৈ উঠে তেতিয়া  টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে বিদেশত এইখন তেওঁৰ প্ৰথম টেষ্ট মেচ হ’ব।

Related News