দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পুনে টেষ্টত কোহলিৰ চমক; কেৰিয়াৰৰ সপ্তমটো দ্বিশতক অৰ্জন

virat-kohli-pune-test

পুনে টেষ্টত দ্বিশতক অৰ্জনৰ পথত বিৰাট কোহলি। ফটো : ইন্টাৰনেট

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ পুনেৰ এম চি এ ষ্টেডিয়ামত চলি আছে।

টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ খেলপথাৰত নমা টীম ইণ্ডিয়াই ৫টা উইকেট হেৰুৱাই ৬০১ ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে।

অধিনায়ক বিৰাট কোহলিয়ে ২৫৪ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে ৰবীন্দ্ৰ জাডেজাই ৯১ ৰাণ কৰি আউট হয়।

মেচখনত অধিনায়ক বিৰাট কোহলিয়ে টেষ্ট কেৰিয়াৰৰ সপ্তমটো দ্বিশতক অৰ্জন কৰে। তাৎপৰ্যপূৰ্ণভাৱে কোহলিয়ে তেওঁৰ সাতোটা দ্বিশতক অৰ্জন কৰিছে অধিনায়ক হিচাপে।

অধিনায়ক হিচাপে দ্বিশতক অৰ্জন কৰা বেটছমেনৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিলে কোহলিয়ে। এই তালিকাত ৱেষ্টইণ্ডিজৰ তাৰকা বেটছমেন ব্ৰায়ান লাৰাই পাঁচটা দ্বিশতকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে।

উক্ত তালিকাত ৪টাকৈ দ্বিশতকেৰে তৃতীয় স্থানত আছে চাৰ ডন ব্ৰেডমেন, গ্ৰিম স্মিথ আৰু মাইকেল ক্লাৰ্ক।

আনহাতে, অধিনায়ক কোহলিয়ে আজি তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৬তম শতকটো অৰ্জন কৰে। কোহলিয়ে নিজৰ ৮১সংখ্যক টেষ্টৰ ১৩৮নম্বৰ ইনিংছত তেওঁৰ এই ২৬তম শতকটো অৰ্জন কৰে।

কোহলি টেষ্ট ক্ৰিকেটত ভাৰতৰ দিশৰ পৰা আটাইকৈ কম ইনিংছত ২৬টা শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে।

ভাৰতৰ হৈ শচীন তেণ্ডুলকাৰে ১৩৬টা ইনিংছ খেলি এই অভিলেখ গঢ়িছিল। আনহাতে, সুনীল গাভাস্কাৰে ২৬টা টেষ্ট শতক অৰ্জন কৰিবলৈ ১৪৪টা ইনিংছ খেলিছিল।

বিশ্বৰ ভিতৰতে আটাইতকৈ কম ইনিংছ খেলি এই অভিলেখৰ গৰাকী হোৱা খেলুৱৈগৰাকী আছিল ডন ব্ৰেডমেন। অষ্ট্ৰেলিয়াৰ সৰ্বকালৰ মহান বেটছমেনগৰাকীয়ে ৬৯টা ইনিংছ খেলি ২৬টা শতকৰ অভিলেখ গঢ়িছিল।

আনহাতে, অষ্টেলিয়াৰ ষ্টিভ স্মিথে ১২১ ইনিংছত ২৬টা শতৰাণৰ অভিলেখ গঢ়িছে। স্মিথে বিগত এছেজ শৃংখলাতে এই অভিলেখৰ গৰাকী হৈছে।

পুনে টেষ্টত ভাৰতৰ হৈ প্ৰথম ইনিংছত মায়ংক আগৰৱালে ১৯৫টা বলত ১০৮ ৰাণৰ ইনিংছ খেলে। পূজাৰাই ১১২টা বলত ৫৮ৰাণ কৰি আউট হয়।