বিৰাট-ৰাহুলৰ বিস্ফোৰক বেটেঙিৰে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টী-২০ মেচত বিজয়ী ভাৰত

dfdfdf.jpg_1575651512_618x347

হায়দৰাবাদত খেলোৱা প্ৰথমখন টী-২০ মেচত শুকুৰবাৰে টীম ইণ্ডিয়াই ৱেষ্টইণ্ডিজক ৬ উইকেটত পৰাজিত কৰি ছিৰিজটোত ১-০ব্যৱধানত অগ্ৰগতি লাভ কৰে।

কে এল ৰাহুল আৰু বিৰাট কোহলীৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে ৱেষ্টইণ্ডিজৰ ২০৮ ৰাণৰ বিশাল লক্ষ্য অতিক্ৰম কৰে।

টী-২০ মেচত ভাৰতে এয়া সৰ্বাধিক ৰাণৰ লক্ষ্য অনুসৰণ কৰাৰ অভিলেখ। ইয়াৰ পূৰ্বে দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ২০০৯’ত ২০৭ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিছিল।

ৱেষ্টইণ্ডিজৰ দলটোৱ নিৰ্দ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০৭ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৮.৪ অবাৰতে ৪টা উইকেট হেৰুৱাই ২০৯ ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে।

বিৰাট কোহলীয়ে ৫০টা বলত ৯৪ৰাণ আৰু লোকেশ ৰাহুলে ৬২ ৰাণৰ ইনিংছ খেলে। ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে এয়া ভাৰতৰ একেৰাহে সপ্তমটো বিজয়।

ৱেষ্টইণ্ডিজে ভাৰতৰ সন্মুখত বিশাল লক্ষ্য দাঙি ধৰাৰ পাছত ৰোহিত শৰ্মা (৮) দলীয় স্কোৰ ৩০ ৰাণ হোৱাৰ সময়তে আউট হোৱাত ভাৰতৰ বিজয় কঠিন যেন অনুভৱ হৈছিল।

কিন্তু  ৰাহুল আৰু কোহলীৰ দৃঢ়তাপূৰ্ণ বেটিঙে ভাৰতৰ বিজয় সহজ কৰি তোলে। দুয়োগৰাকীয়ে দ্বিতীয় উইকেটৰ যুটীত ১০০ ৰাণ সংগ্ৰহ কৰে। দলৰ ১৩০ ৰাণত ৰাহুল আউট হয়। তেওঁ ৪০টা বলৰ ইনিংছটোত চাৰিটা ছয় আৰু পাঁচটা চাৰি কোবায়।

আনহাতে, কোহলীয়ে তেওঁৰ ৫০টা বলৰ ইনিংছটোত ছয়টা চাৰি আৰু ছয়টা ছয় কোবায়। তদুপৰি, ঋষভ পন্টে ৯টা বল খেলি দুটা ছয়ৰ সহায়ত ১৮ ৰাণ কৰে।

ছিৰিজটোৰ দ্বিতীয়খন মেচ তিৰুৱনন্তপুৰমত অহা ৮ ডিচেম্বৰত খেলোৱা হ’ব।