মাজুলীত কুঁহিয়াৰ খেতিয়কৰ সৈতে জিলা খাদ্য আৰু যোগান বিভাগৰ সজাঁতী দলৰ বৈঠক

মাজুলীৰ জিলা খাদ্য আৰু যোগান বিভাগৰ এটা সজাঁতী দলে জিলাখনৰ কুঁহিয়াৰ খেতিয়ক আৰু গুৰ উৎপাদনকাৰী সকলৰ সৈতে মাজুলীৰ ভিতৰুৱা ভকত চাপৰি অঞ্চলত এক আলোচনাত মিলিত হয়। মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্মই নাথৰ পৰামৰ্শ অনুযায়ী সজাঁতী দলটোৱে বৰ্তমান অসমত লালিগুৰৰ বিক্রীৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাৰ বাবে স্থানীয় গুৰ উৎপাদনকাৰী সকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰে।

মাজুলীৰ ভিতৰুৱা ভকত চাপৰি অঞ্চলত অনুষ্ঠিত উক্ত বৈঠকত মাজুলীৰ খাদ্য সুৰক্ষা বিষয়া সমীৰণ বৰুৱা আৰু মাজুলীৰ খাদ্য আৰু অসামৰিক যোগান উপ পৰিদৰ্শক ৰাজীৱ মৰাণ আৰু বিশ্বজিত সোণোৱাল উপস্থিত থাকে।

বিষয়াকেইগৰাকীয়ে জনাই যে মানুহে খোৱাৰ বাবে উৎপাদিত স্থানীয় গুৰৰ বিক্ৰীৰ ওপৰত কোনোধৰণৰ প্ৰতিবন্ধকতা নাই, মাথো লালিগুৰৰ ওপৰতহে এই প্ৰতিবন্ধকতা আছে।

ইয়াৰ উপৰি সভাত খাদ্য সুৰক্ষা বিষয়া সমীৰণ বৰুৱাই কৃষক সকলক কি দৰে সুৰক্ষিতভাৱে খোৱাৰ উপযোগী গুৰ তৈয়াৰ কৰিব লাগে সেই সম্পৰ্কে অৱগত কৰাৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ পৰা গুৰ উৎপাদন কৰোঁতা সকলক প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ অথবা পঞ্জীয়নপত্ৰ সংগ্ৰহ কৰাৰ পৰামৰ্শ দিয়ে।