দিল্লীৰ কৃষক বিদ্ৰোহত সম্প্ৰীতিৰ নিদৰ্শন! : মুছলাম যুৱকে প্ৰতিবাদী কৃষকৰ হাতত তুলি দিছে আহাৰ

index

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী আৰু দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিদ্ৰোহত দেখা গৈছে মানৱতাৰ এক উকৃষ্ট নিদৰ্শন।

আৰএছএছ, বিজেপি আদি গোড়া তথা কট্টৰ হিন্দুত্ববাদী সংগঠনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও ইছলাম বিৰোধী স্থিতি লোৱা বুলি অভিযোগ উঠি অহাৰ সময়তে মুছলমান সম্প্ৰাদয়ৰ যুৱকে কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী কৃষকক নিৰন্তৰ খাদ্য যোগান ধৰি আহিছে।

যোৱা বুধবাৰৰ পৰা পঞ্চাৱৰ ‘মুছলিম ফেডাৰেশ্যন অৱ পঞ্জাৱ’ নামৰ সংগঠনটোৰ ২৫ গৰাকী যুৱ সদস্যই দিল্লীৰ সিঙ্ঘু সীমান্তত অৱ্স্থান কৰি থকা কৃষক প্ৰতিবাদকাৰীসকলক খাদ্য যোগান ধৰিবলৈ এটা কেন্দ্ৰ স্থাপন কৰে।

সংগঠনটোৰ নেতা ফাৰুকি মুবিনে জনায় যে, বিক্ষোভত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী কৃষকসকল যাতে ভোকত থাকিব লগা নহয় তাৰ বাবে এইদৰে খাদ্য যোগান ধৰা হৈছে।

“যিমান দিন প্ৰতিবাদ চলি থাকিব সিমান দিনেই খাদ্য যোগান কেন্দ্ৰটো খোলা থাকিব। কৃষকসকলে আমাৰ বাবে বহু কৰি আহিছে। এতিয়া সময় আহিছে আমি তেওঁলোকৰ বাবে কিছু কৰাৰ। তেওঁলোকক চোৱাচিতা কৰাতো আমাৰ দায়িত্ব। আমি ভাগ্যৱান যে আমাৰ কৃষক ভাইসকলৰ বাবে আমি কিবা এটা কৰাৰ সুযোগ পাইছো।” সংবাদ মাধ্যমৰ আগত ফাৰুকিয়ে কয়।

উল্লেখ্য যে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ কৃষকে ৰাজধানী দিল্লীৰ লগতে দিল্লী সীমান্তৱৰ্তী সংযোগী এলেকাত শান্তি শৃংখলা বজাই ৰাখি আজি দহৰো অধিক দিন ধৰি নিৰন্তৰ প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে।

নিজৰ স্থিতিত অটল থকা কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেবালানিও আলোচনাত মিলিত হৈছে যদিও আলোচনা সফল হোৱা নাই।

যোৱা বৃহস্পতিবাৰে কৃষক প্ৰতিনিধিৰ সৈতে তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে একেলগে আলোচনাত অংশগ্ৰহণ কৰিছিল। সেই আলোচনাও বিফল হৈছে।

ইফালে শনিবাৰে অনুষ্ঠিত আলোচনাত কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন কেইখন সংশোধন কৰাৰ আশ্বাস প্ৰদান কৰা বুলি চৰকাৰী এক সূত্ৰই প্ৰকাশ কৰিছে।