অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ব্ভাগত কাৰিকৰী সহায়কৰ পদ খালী, কেনেকৈ কৰিব আবেদন ?

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ)ত বিভিন্ন কাৰিকৰী পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

Assam Career Jobs

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) চুক্তিৰ ভিত্তিত কাৰিকৰী সহায়ক (জিআইএছ) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে৷

পদৰ নাম : কাৰিকৰী সহায়ক (জি.আই.এছ.)

পদৰ সংখ্যা : ১

অৰ্হতা :

ক) স্বীকৃত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ভূগোল / জিঅ’ ইনফৰ্মেটিক্স বা অন্যান্য প্ৰাসঙ্গিক ক্ষেত্ৰত স্নাতক ডিগ্ৰী

ভৌগোলিক তথ্য প্ৰণালী (জি.আই.এছ.) আৰু ছবি প্ৰক্ৰিয়াকৰণ ছফ্টৱেৰ ,যেনে আৰ্কজিআইএছ আৰু ই.আৰ.ডি.এ.এছ. ব্যৱহাৰ কৰাৰ ১ (এক) বছৰৰ ব্যৱহাৰিক অভিজ্ঞতা থকা প্ৰয়োজনীয়৷

Also Read : Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

দৰমহাৰ নিৰিখ: ২২,০০০-৮৭,০০০ টকা, গ্ৰেড পে – ৯,১০০০ টকা

বয়সৰ সীমা : ১জানুৱাৰী ২০২২ তাৰিখত ২১ বছৰৰ তলত আৰু ৪৩ বছৰৰ অধিক হ’ব নালাগিব৷

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে সকলো প্ৰমাণপত্ৰ, মাৰ্কশ্বীট, শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদিৰ প্ৰত্যায়িত প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰ-পত্ৰত তেওঁলোকৰ আবেদন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ), আনুষঙ্গিক খণ্ড-এল (এছ.বি.আইৰ বিপৰীতে) জনতা ভৱন, দিচপুৰ, গুৱাহাটী-৭৮১০০৬  লৈ প্ৰেৰণ কৰিব পাৰে।আবেদনৰ শেষ সময়  ১৮ জুলাই, ২০২২-ৰ আবেলি 3 বজাৰ ভিতৰত৷

বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
http://sdmassam.nic.in/download/vacancy_GIS.pdf

Also Read : Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?