NORTHEAST NOW (Assamese)

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

August 17, 2022 7:25 pm · এন ই নাও নিউজ,টীয়ক

যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ (APART) প্ৰকল্পৰ উদ্যোগত খনামুখ বেম্বো এফ পি চি ৰ সঞ্চালক মণ্ডলী আৰু অংশীদাৰী তথা চিঅ’ ৰ সৈতে ৪০ জনীয়া এটা দলে আজি কাৰিকৰী শিক্ষামূলক ভ্ৰমণ কৰে।

উক্ত দলটিৰ নেতৃত্ব বহন কৰে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ড০ সঞ্জয় বৰঠাকুৰ আৰু  এপাৰ্টৰ প্ৰকল্পৰ প্ৰকল্প সহযোগী প্লাৱন দেৱৰাজ, সহ প্ৰকল্প বিজ্ঞানী প্ৰজ্বলিতা দত্তই। এপাৰ্টৰ অধীনত প্ৰথমে কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰে আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰোৱায়।

ইয়াৰ পিছত উক্ত দলটিক যোৰহাট বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানলৈ  লৈ যোৱা হয়। উক্ত প্ৰতিষ্ঠানটোৰ বিজ্ঞানী ড০ ৰাজীৱ কুমাৰ কলিতাই দলটোক বাঁহ- বেতেৰে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী, সাঁচি গছৰ পৰা অগৰুৱা প্ৰস্তুত, কেঁচু সাৰ প্ৰস্তুত, আচাৰ বনোৱাৰ প্ৰশিক্ষণ আদি বিষয়ত বিশদ ভাৱে আলোকপাত কৰাৰ লগতে বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিভিন্ন বাঁহৰ প্ৰজাতি পৰিদৰ্শন কৰোৱায়।

এই সুযোগতে খনামুখ বেম্ব’ এফ পি চি ৰ সমূহ সদস্যই কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ বিজ্ঞানী তথা বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড০ ৰাজীৱ কুমাৰ কলিতালৈ ধন্যবাদ জ্ঞাপন কৰে।

Related News