কাশ্মীৰত কাশ্মীৰী পণ্ডিতৰ ওপৰত ধাবাহিকভাবে হৈ থকা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহে বহু কাশ্মীৰী পণ্ডিত।মঙলবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত সম্প্ৰদায়টোৰ এজন লোকৰ হত্যাক লৈ কাশ্মীৰী হিন্দুৰ এটা দলে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত কাশ্মীৰী পণ্ডিত সুনীল কুমাৰৰ মৃত্যু হৈছিল আৰু তেওঁৰ ভাতৃ পিন্টু কুমাৰ আহত হৈছিল৷ সন্ত্ৰাসবাদীসকলে শ্বপিয়ানৰ চোটিপোৰা অঞ্চলৰ এখন আপেলৰ বাগিচাত সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰিছিল।
ঘটনাটোৱে উপত্যকাটোত ক্ষোভৰ সৃষ্টি কৰিছে । কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে (কেপিএছএছ) সম্প্ৰদায়ৰ সদস্যসকলক উপত্যকা এৰি যাবলৈ পৰামৰ্শ দিছে। সন্ত্ৰাসবাদীৰ বৰ্ধিত আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু দিল্লীৰ দৰে সুৰক্ষিত স্থানলৈ কাশ্মীৰী পণ্ডিতসকলক যাবলৈ পৰামৰ্শ দিছে কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে ।” কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত আন এটা মাৰাত্মক আক্ৰমণৰ ঘটাব বুলি সন্ত্ৰাসবাদীসকলে স্পষ্ট কৰি দিছে ,” কেপিএছএছৰ মুৰব্বী সঞ্জয় টিকুৱে কয়।
কেপিএছএছৰ মুৰব্বী সঞ্জয় টিকুৱে লগতে কয়, “আমি যোৱা ৩২ বছৰ ধৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ আহিছো। চৰকাৰে সংখ্যালঘুসকলক, বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হৈছে। আমি কিমান জনে এনেদৰে মৰিব লাগিব? যথেষ্ট হৈছে।” জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই কাশ্মীৰী পণ্ডিতৰ হত্যাক গৰিহণা দি কৈছে যে বৰ্বৰ কাৰ্য্যৰ সৈতে জৰিত সন্ত্ৰাসবাদীসকলক ৰেহাই দিয়া নহ’ব।
উল্লেখ্য জম্মু–কাশ্মীৰৰ শ্বপিয়ানত কালি কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। এই ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, শ্বপিয়ানৰ আপেল বাগিছা এখনত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এজন নাগৰিকৰ মৃত্যু হয় আৰু লগতে তেওঁৰ ভাতৃ আঘাত প্ৰাপ্ত হয়। বিগত কিছুদিন ধৰি উপত্যকাটোত কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গৈ আছে। কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে ৩৬ বছৰীয়া কাশ্মীৰী পণ্ডিত ৰাহুল ভাটক গুলীয়াই হত্যা কৰিছিল। আজি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে বুদগামত হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিতে প্ৰতিবাদ সাৱস্ত্য কৰে। কাশ্মীৰ পণ্ডিতসকলে ’আমাক জীয়াই থাকিবলৈ দিয়ক’ বুলি শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে।