NORTHEAST NOW (Assamese)

১৮ মাহে নাই দৰমহা: পথৰ কাষত ইডলি বিক্ৰী কৰি সংসাৰ চলাইছে চন্দ্ৰযান-৩ৰ সৈতে জড়িত কাৰিকৰী কৰ্মীয়ে

September 19, 2023 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 19, 2023 4:20 pm

চন্দ্ৰযান-৩ৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছিল দেশবাসী। ভাৰতীয় প্ৰযুক্তিবিদ্যা ইতিহাসৰ গৌৰৱোজ্জ্বল ক্ষণ হিচাপে বৈবেচিত হৈছিল ইছৰোৰ এই সাফল্য। পিছে ইছৰোৰ চন্দ্ৰযান-৩ৰ এই সফলতাক উদযাপন কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক সত্য।

চন্দ্ৰযান-৩ৰ অভূতপূৰ্ব সাফল্য আৰু চৰ্চাৰ মাজতে প্ৰকাশ পোৱা তথ্য অনুসৰি চন্দ্ৰযান-৩ৰ লঞ্চপেড নিৰ্মাণৰ কাম কৰা এইচ ই চি (হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেড)ৰ এগৰাকী কাৰিকৰী কৰ্মীয়ে এতিয়া সংসাৰ চলাবলৈ বিক্ৰী কৰিছে ইডলি।

নাম তেওঁৰ দীপক কুমাৰ উপৰিয়া। দীপক কুমাৰে এতিয়া ৰাঁচীৰ পথৰ কাষৰ ষ্টলত ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বিবিচিৰ প্ৰকাশিত খবৰ মতে, ৰাঁচীৰ ধুৰৱা অঞ্চলত পুৰণি বিধানসভাৰ সমুখৰ বিপৰীত দিশত উপৰিয়াৰ এখন দোকান আছে।

প্ৰকাশিত খবৰ অনুসৰি, চন্দ্ৰযান-৩ৰ বাবে ফল্ডিং প্লেটফৰ্ম আৰু স্লাইডিং দ্বাৰ নিৰ্মাণ কৰা ভাৰত চৰকাৰৰ কোম্পানী হেভি ইঞ্জিনিয়াৰিং কৰ্পৰেশ্যন লিমিটেডৰ পৰা ১৮ মাহে দৰমহা লাভ কৰা নাই দীপকে।

এনে পৰিস্থিতিত পথৰ কাষত এনেদৰে এখন দোকান খুলিবলগীয়া হৈছে। চন্দ্ৰযান-৩ গত আগষ্ট মাহত চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠত অৱতৰণ কৰিছিল। ইয়াৰ লগে লগে ভাৰত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল।

সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে চন্দ্ৰযান অভিযানৰ লঞ্চপেড কৰ্মীসকলকো সম্বোধন কৰিছিল। কিন্তু ইয়াৰ আঁৰত লুকাই থাকিল ৰাঁচীৰ এইচ ই চিৰ কৰ্মচাৰীসকলে ১৮ মাহৰ বকেয়া দৰমহাৰ বিষয়।

বিবিচিৰ তথ্য অনুসৰি, এইচ ই চিৰ প্ৰায় ২৮০০ কৰ্মচাৰীয়ে বিগত ১৮ মাহৰ পৰা দৰমহা লাভ কৰা নাই বুলি দাবী কৰিছে। এই কৰ্মীসকলৰ ভিতৰৰে এগৰাকী দীপক কুমাৰ উপৰিয়া।

এক সাক্ষাৎকাৰত উপৰিয়াই কয় যে তেওঁ যোৱা কেইদিনমানৰ পৰা ইডলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে। তেওঁ এই সময়ছোৱাত একেলগে পৰিচালনা কৰি আহিছে দোকান আৰু কাৰ্যালয়ৰ কাম।

১৮ মাহে প্ৰাপ্য দৰমহা লাভ নকৰাৰ পিছতো তেওঁ ৰাতিপুৱা দোকানয ইডলি বিক্ৰী কৰি দুপৰীয়া কাৰ্যালয়লৈ যায়। সন্ধিয়া ঘৰলৈ উভতাৰ পূৰ্বে পুনৰ ইডলি বিক্ৰী কৰে উপৰিয়াই।

নিজৰ এই অভাৱনীয় পৰিস্থিতিৰ বিষয়ে বাখ্যা কৰি উপৰিয়াই উল্লেখ কৰা মতে, প্ৰথমে তেওঁ ক্ৰেডিট কাৰ্ডৰ সহায়ত পৰিয়াল পোহপাল কৰিছিলো। ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তেওঁ ২ লাখ টকাৰ ঋণ পাইছিল।

কিন্তু পিছত তেওঁৰ এই সুবিধা কৰ্তন হয় আৰু এনে অৱস্থাত তেওঁ আত্মীয়ৰ পৰা ধন লৈ পৰিয়াল চলাবলৈ আৰম্ভ কৰে। কিন্তু লাহে লাহে তেওঁৰ ঋণৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। তাৰ বিপৰীতে তেওঁ পৰিশোধ কৰাত ব্যৰ্থ হয় ঋণৰ কিস্তি।

“এতিয়ালৈকে মই চাৰি লাখ টকাৰ ঋণ লৈছো। যিহেতু মই কোনো লোককে টকা ঘূৰাই দিব পৰা নাই, গতিকে এতিয়া মানুহে ঋণ দিয়া বন্ধ কৰি দিছে। তাৰ পিছত মই মোৰ পত্নীৰ গহনা বন্ধকত ৰাখি কিছুদিন পৰিয়াল চলাইছিলো।”— উপৰিয়াই কয়।

পৰিস্থিতি অধিক চিন্তনীয় হৈ পৰাৰ পিছত তেওঁ ইডলি বিক্ৰী কৰাৰ সিদ্ধান্ত লয়। “মোৰ পত্নীয়ে ভাল ইডলি বনায়। মই প্ৰতিদিনে বিক্ৰী কৰি ৩০০ৰ পৰা ৪০০ টকা পাওঁ। ইয়াৰে মই ৫০-১০০ টকা লাভ কৰো। মই এই টকাৰে ঘৰ চলাই আছো।”— উপৰিয়াই লগতে কয়।

 

উল্লেখ্য যে, উপৰিয়া মধ্যপ্ৰদেশৰ হৰ্দা জিলাৰ বাসিন্দা। ২০১২ চনত তেওঁ ব্যক্তিগত কোম্পানীৰ চাকৰি এৰি ৮ হাজাৰ টকা দৰমহাত এইচ ই চিত যোগদান কৰিছিল। চৰকাৰী কোম্পানী হোৱাৰ বাবে তেওঁৰ ভৱিষ্যত উজ্জ্বল হ’ব বুলি আশা কৰিছিল যদিও মূৰকত হিতে বিপৰীত হ’ল।

উপৰিয়াৰ সংসাৰত আছে দুই কন্যা সন্তান। আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ দিব পৰা নাই দুই কন্যাৰ বিদ্যালয়ৰ মাচুল। পৰিণতিত বিদ্যালয়ৰ পৰা তেওঁলৈ দৈনিক জাননী প্ৰেৰণ কৰা হৈছে।

আনকি কন্যাৰ শ্ৰেণীকোঠাতো শিক্ষকসকলে এইচ ই চিত কাম কৰা অভিভাৱকৰ সন্তান কোন বুলি প্ৰশ্ন কৰি থিয় হ’বলৈ কয়। এয়া খোদ উপৰিয়াই স্বীকাৰ কৰিছে সাক্ষাৎকাৰটোত।

উপৰিয়াই লগতে কয়, “ইয়াৰ পিছত মোৰ দুয়ো সন্তান অপমানিত হয়। মোৰ ছোৱালীকেইজনী কান্দি কান্দি ঘৰলৈ আহে। তেওঁলোকক কান্দি থকা দেখি মোৰ হৃদয় ভাঙি যায়। কিন্তু মই তেওঁলোকৰ সন্মুখত কান্দিব নোৱাৰো।”

প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই পৰিস্থিতি এতিয়া কেৱল দীপক উপৰিয়াৰে নহয়। তেওঁৰ দৰে এইচ ই চিৰ লগত জড়িত আন একাংশ লোকেও একেধৰণৰ কাম কৰি জীৱিকা উপাৰ্জন কৰি আছে।

Related News