• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সৰ্বোপৰি দেশ’, কানাডাত খালিস্তানী হত্যাকাণ্ড বিষয়ত মোডী চৰকাৰৰ কাষত কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 2:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অপাৰেচন ব্লু ষ্টাৰৰ ৩৯ বছৰীয়া জয়ন্তী উপলক্ষে কানাডাৰ ব্ৰেম্পটনত খালিস্তানৰ সমৰ্থকসকলে ‘শোভাযাত্ৰা’ উলিয়াইছিল। সেই পেৰেডত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ট্যোবলো প্ৰদৰ্শিত হৈছিল। যাক লৈ কানাডাক ভাৰত চৰকাৰে এক শক্তিশালী বাৰ্তা দিছিল। অৱশ্যে কানাডাই এই ঘটনা বৰ্ণবাদী নহয় বুলি দাবী কৰিছিল। তেতিয়াৰ পৰাই ভাৰত-কানাডাৰ সম্পৰ্ক নিম্নগামী হৈ আছে।

কালি কানাডাই ভাৰতীয় কূটনীতিবিদ এজনক খালিস্তানী উগ্ৰপন্থীৰ মৃত্যুত জড়িত থকাৰ বাবে বহিষ্কাৰ কৰে। তাৰ পিছতে ভাৰতেও প্ৰত্যুত্তৰ কানাডাৰ এগৰাকী কূটনীতিকক ভাৰত এৰাৰ নিৰ্দেশ দিছে। এই বিষয়ত এইবাৰ কংগ্ৰেছে মোডী চৰকাৰৰ কাষত থিয় দিলে।

খালিস্তানী উগ্ৰপন্থীৰ মৃত্যুৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কাষত থিয় দি কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, ‘ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় বিশ্বাস কৰি আহিছে যে আমাৰ দেশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আপোচবিহীন হ’ব লাগিব। বিশেষকৈ যেতিয়া সন্ত্ৰাসবাদে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। আমাৰ দেশৰ স্বাৰ্থ আৰু চিন্তাক সদায় প্ৰথম স্থানত ৰাখিব লাগিব।’

Apply Now

উল্লেখ্য যে বিগত জুন মাহত কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ মৃত্যু হৈছিল। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই ঘটনাত এজন ভাৰতীয় কূটনীতিবিদ জড়িত বুলি দাবী কৰে। আৰু তাৰ পিছত কানাডা চৰকাৰে এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিলে। ইয়াৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিব বুলি আশংকা কৰা হৈছে। ইফালে কানাডাৰ এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত ভাৰতেও আজি পুৱা কানাডাৰ এজন উচ্চ পদস্থ কূটনীতিবিদক বহিষ্কাৰ কৰিছে।

কালি কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে ঘোষণা কৰে যে কানাডা চৰকাৰে হৰদীপ সিং নিজাৰ হত্যাকাণ্ডৰ লগত জড়িত এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছে। অৱশ্যে তেওঁ কূটনীতিবিদজনৰ নাম প্ৰকাশ কৰা নাই। তেওঁ কয়, ‘কানাডাৰ এজন নাগৰিকৰ হত্যাকাণ্ডৰ লগত বিদেশী চৰকাৰ জড়িত বুলি উত্থাপন কৰা অভিযোগ অতি গুৰুতৰ। আৰু সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে আজি আমি এজন জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছো।’

তাৰ পিছত আজি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ভাৰতত পদবী থকা কানাডাৰ উচ্চায়ুক্তক চমন কৰা হৈছে। কানাডাৰ এজন জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰাৰ কথা তেওঁক জনোৱা হৈছিল। বহিষ্কৃত কূটনীতিবিদগৰাকীক অহা ৫ দিনৰ ভিতৰত ভাৰত এৰি যাবলৈ কোৱা হৈছে।

কোৱা হৈছে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ বাবে দিল্লীৰ এই পদক্ষেপ। ইয়াৰ উপৰিও কানাডাৰ কূটনীতিবিদৰ সৈতে ভাৰত বিৰোধী শক্তিৰ সংযোগক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd