ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ

দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য তথা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে বিজেপি দলে প্ৰক্ষেপ কৰিলেও কাৰ্যক্ষেত্ৰত ইয়াৰ এক ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত। ৰাজ্যখনত অন্যান্য দিশৰ লগতে নাৰী সুৰক্ষাৰ ক্ষেত্ৰতো এক শোচনীয় পৰিস্থিতি বিৰাজ কৰিছে।

দৈনিক ইটোৰ পিছত সিটোকৈ ধৰ্ষণৰ ঘটনাই উত্তাল কৰি তোলা উত্তৰ প্ৰদেশত পুনৰ এগৰাকী কিশোৰী ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ উঠিছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীক এক দুৰ্বৃত্তই অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ কৰাৰ এক অভিযোগৰ বিষয়ে সদৰী কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

আৰক্ষীৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে, যোৱা ২১ নৱেম্বৰত অক্ষয় বাৰী নামৰ ২০ বৰ্ষীয় অভিযুক্ত যুৱকজনে কিশোৰীগৰাকীক গাঁৱৰ পৰা অপহৰণ কৰিছিল।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে এই অপহৰণ কাণ্ডৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। কিন্তু অভিযুক্তই ২ ডিচেম্বৰত কিশোৰীগৰাকীক এৰি দিয়াৰ পিছত পুনৰ ধৰ্ষণৰ অভিযোগ দাখিল কৰে পৰিয়ালটোৱে।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আজি অভিযুক্ত অক্ষয় বাৰীক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অভিযুক্ত বাৰীৰ বিপক্ষে উত্থাপিত অভিযোগ সন্দৰ্ভত সঠিক তথ্য প্ৰমাণ উদ্ধাৰৰ বাবে তদন্ত অব্যাহত আছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।