বোকাখাতৰ ধনশিৰি নদীত এজন কিশোৰৰ সলিল সমাধি

লকডাউনৰ মাজতে বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ ১২নম্বৰ লাইনৰ সমীপত ধনশিৰি নদীত গা ধুবলৈ গৈ শনিবাৰে এজন কিশোৰৰ সলিল সমাধি ঘটে৷

কিশোৰজন কুঁহিয়াৰবাৰী গাঁৱৰ ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী বুলি জানিব পৰা গৈছে৷

আন সাতজন বন্ধুৰ লগত ধনশিৰি নদীত গা ধুই থাকোতে কিশোৰজন পানীৰ বুকুত নিখোজ হয়।

নদীৰ পানীত বুৰ গৈ কিশোৰজন ওলাই নহাত লগৰকেইজনে অজিতক উদ্ধাৰৰ চেষ্টা চলায়ো বিফল হয়৷

ঘটনাৰ সন্দৰ্ভত তেওঁলোকে গৈ ঘৰত খবৰ  দিয়াত অজিতৰ সন্ধানত ধনশিৰি নদীৰ বুকুত স্থানীয় লোকে অভিযান আৰম্ভ কৰে৷

পিছত বোকাখাত আৰক্ষীৰ লগতে গোলাঘাটৰ পৰা অহা এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুয়ে চলোৱা অভিযানত ধনশিৰি নদীৰ বুকুৰ পৰা অজিত তাঁতীৰ নিঠৰ দেহ উদ্ধাৰ কৰা হয়৷

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে৷