NORTHEAST NOW (Assamese)

বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আদানি গ্ৰুপে দিয়া ১০০ কোটি টকা ওভোতাই দিলে তেলেংগানা চৰকাৰে

November 26, 2024 10:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 26, 2024 10:36 am
বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আদানি গোষ্ঠীয়ে দিয়া ১০০ কোটি টকা ওভোতাই দিলে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে।

উৎকোচ কেলেংকাৰীৰ অভিযোগত অস্থিৰ হৈ পৰিছে আদানি গোষ্ঠী। তদুপৰি, আদানিৰ বিৰুদ্ধে আমেৰিকাই গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰিছে।

এনে পৰিস্থিতিত তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে আদানি গোষ্ঠীয়ে দিয়া ১০০ কোটি টকা ওভোতাই দিলে। এই ধন তেলেংগানাত বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয় যে ইয়ং ইণ্ডিয়া স্কিলছ ইউনিভাৰ্চিটিৰ বাবে চৰকাৰে আদানি গ্ৰুপৰ পৰা কোনো ধৰণৰ অনুদান লোৱা নাই। বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে গোষ্ঠীটোৱে দিয়া ১০০ কোটি টকা লোৱা নহ’ব বুলি চৰকাৰে আদানি গ্ৰুপক অৱগত কৰিছে।

উল্লেখ্য যে দুবছৰ পূৰ্বে আমেৰিকাৰ শ্বৰ্ট চেলিং সংস্থা হিণ্ডেনবাৰ্গৰ এক প্ৰতিবেদনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ জোকাৰি গৈছিল। কাৰণ, হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টত অভিযোগ কৰা হৈছিল যে গৌতম আদানিৰ কোম্পানীয়ে বিপুল পৰিমাণৰ অবৈধ বিত্তীয় লেনদেনত লিপ্ত হৈছিল।

শেহতীয়াকৈ আমেৰিকাৰ আদালতে উৎকোচ গোচৰত স্বয়ং গৌতম আদানিকে অভিযুক্ত ঘোষণা কৰিছে। গৌতম আদানিৰ ভতিজাক সাগৰ আদানি আৰু কোম্পানীটোৰ ব’ৰ্ডৰ আন ৬ জন সঞ্চালকে ভাৰত চৰকাৰৰ বিষয়াক ২০২৯ কোটি টকা উৎকোচ দিয়ে, যাতে তেওঁলোকে চৰকাৰী বিদ্যুৎ যোগান কোম্পানীটোৰ সৈতে সৌৰশক্তিৰ চুক্তি কৰিব পাৰে। অভিযোগ অনুসৰি, ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই উৎকোচ দিয়া হৈছিল।

উৎকোচৰ বিষয়টোৰ প্ৰতি আমেৰিকাৰ আদালত সদায় সংবেদনশীল। কাৰণ ইয়াৰ অৰ্থ হৈছে গ্ৰাহক, বিনিয়োগকাৰী বা সাধাৰণ জনতাক প্ৰতাৰণা কৰি অসৎ উপায়েৰে কামবোৰ সম্পন্ন কৰা। আমেৰিকাৰ আদালতৰ মতে, আদানি গ্ৰুপে আমেৰিকাৰ বিনিয়োগকাৰী আৰু বেংকৰ পৰা উৎকোচ দি বিদ্যুৎ যোগানৰ চুক্তি লাভৰ বিষয়টো গোপনে ৰাখিছিল। তেওঁলোকে এই চুক্তিৰ পৰা ২ বিলিয়ন ডলাৰ বা প্ৰায় ১৭ হাজাৰ কোটি টকা লাভ কৰিব বুলি ভাবিছিল।

Related News