৫০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতেলোটে ধৰা পৰে তেলেংগানা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী। শনিবাৰে নিজামাবাদ আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাৰ বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰে।
শেহতীয়াকৈ নিজামাবাদ আৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ চৌহদ আৰু অন্যান্য সা-সুবিধা ব্যৱহাৰ কৰাৰ বিনিময়ত উপাচাৰ্যই ধন দাবী কৰাৰ অভিযোগ লাভ কৰিছিল। তাৰপিছতে দুৰ্নীতি বিৰোধী শাখাই জাল পাতে।
লগতে পঢ়ক: আপুনি যদি সোনকালে মৰিব নিবিচাৰে, তেনেহ’লে ত্যাগ কৰক এই সাতটা অভ্যাস
শনিবাৰে পুৱা উপাচাৰ্যৰ ঘৰত এই ধন গতাই দিয়াৰ কথা আছিল। তাতেই আৰক্ষীয়ে তেলেংগানা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডাচেপল্লী ৰবিন্দৰক গ্ৰেপ্তাৰ কৰে।
ৰবিন্দৰৰ বিৰুদ্ধে অভিযোগ যে এটা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ সভাপতিৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰত সেই প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰি দিয়া আৰু পৰীক্ষাৰ বাবে বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়াৰ বিনিময়ত ৫০ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল।
ব্যক্তিগত সেই শিক্ষা প্ৰতিষ্ঠানখনে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হ্ৰস্বম্যাদী পাঠ্যক্ৰম অনুষ্ঠিত কৰে।
লগতে পঢ়ক: ছিৰিয়া-লিবিয়াৰ দৰে পৰিস্থিতি মণিপুৰত? কেন্দ্ৰক সকীয়াই দিলে প্ৰাক্তন সেনা প্ৰধানে
শনিবাৰে পুৱা আৰক্ষীয়ে জাল পাতে। যেতিয়াই উপাচাৰ্যৰ বাসগৃহত টকাখিনি গতাই দিয়া হৈছিল তেতিয়াই আৰক্ষীয়ে তেওঁক হাতেলোটে ধৰে। তেওঁক হায়দৰাবাদৰ দুৰ্নীতি বিৰোধী আদালতত হাজিৰ কৰোৱা হয়।