মোদীৰ নতুন মন্ত্ৰীসভাত ৰামেশ্বৰ তেলী! প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন

l_RAMESHWAR-1553915857

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাংসদ ৰামেশ্বৰ তেলী। ফাইল ফটো

দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে আজি সন্ধিয়া শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। মোদী মন্ত্ৰীসভাত ইতিমধ্যে স্থান পাবলগীয়া মন্ত্ৰীৰ কেইটামান নাম সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন কল পোৱা এই নেতসকলে মোদীৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশিচত হোৱাৰ বাতৰিও প্ৰকাশ পাইছে। সেই অনুসৰি অসমৰ পৰা ডিব্ৰুগড়ৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলীয়ে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলিও প্ৰকাশ পাইছে। কিয়নো প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা শপত গ্ৰহণত উপস্থিত থকাৰ বাবে তেলীয়ে ফোন কল লাভ কৰিছে।

বৃহস্পতিবাৰে পুৱা প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। উক্ত বৈঠকতে মন্ত্ৰীসভাক লৈ দুয়োগৰাকী নেতাৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে পুৱাৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা মোদী মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা থকা সাংসদসকললৈ ফোন আহে।

উল্লেখযোগ্য যে ৰামেশ্বৰ তেলী ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। জানিব পৰা মতে আজি বিয়লি ৪.৩০ বজাত তেলীক প্ৰধান মন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছে।

আনহাতে, মোদী মন্ত্ৰীসভাৰ তালিকাত অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু আৰু মেঘালয়ৰ আগাথা চাংমাৰ নামো চৰ্চালৈ আহিছে আৰু দুয়োজনলৈ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন অহাৰ বিষয়ে জানিব পৰা গৈছে।