NORTHEAST NOW (Assamese)

বিচিত্ৰ ভাৰতৰ বিচিত্ৰ মন্দিৰঃ দেশৰ এই কেইটা মন্দিৰত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ !

September 22, 2022 12:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 22, 2022 12:16 pm

বিচিত্ৰ দেশ ভাৰতবৰ্ষত বিচিত্ৰতাৰ যেন অন্ত নাই। দেশৰ বহু মন্দিৰত মদ-মাংসৰ প্ৰৱেশ নিষিদ্ধ যদিও এনে বহু কেইটা মন্দিৰো আছে য’ত প্ৰসাদ হিচাবে আগবঢ়োৱা হয় কেৱল মদ-মাছ-মাংস আদি।

যুগ যুগ ধৰি এই মন্দিৰসমূহত ভক্তই মদ-মাংস প্ৰসাদ হিচাবে আগবঢ়াই আহিছে।

মদ-মাংস আদি প্ৰসাদ হিচাবে আগবঢ়োৱা দেশৰ কেইটামান মন্দিৰ হ’ল—

কাল ভৈৰৱ মন্দিৰ:মধ্যপ্ৰদেশৰ উজ্জয়নত থকা কাল ভৈৰৱ মন্দিৰত বহু কাল ধৰি মদ-মাংস,মাছ আদি প্ৰসাদ হিচাবে আগবঢ়াই অহা হৈছে যদিও শেহতীয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে মাছ-মাংস বাদ দি কেৱল মদ প্ৰসাদ হিচাবে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।


খাবিছ বাবা মন্দিৰ:লক্ষ্ণৌৰ খাবিছ বাবা মন্দিৰত প্ৰতিদিনে ভক্তই হাতত প্ৰসাদ হিচাবে হুইস্কিৰ বটললৈহে প্ৰৱেশ কৰে। সেই প্ৰসাদ পিছত ভক্তৰ মাজত বিতৰণ কৰা হয়।

পাৰাচিন্নিক্কাদাভু মন্দিৰ:কান্নুৰৰ পাৰাচিন্নিক্কাদাভু মন্দিৰত অনুষ্ঠিত কুম্ভম উৎসৱত ভক্তই মদ-মাংস আৰু মাছেৰে পূজা-অৰ্চনা কৰা হয়।এই উৎসৱৰ বাবেও আন সময়তো ভক্তই মদ প্ৰসাদ হিচাবে আগবঢ়ায়।
উত্তেৰেশ্বৰী মন্দিৰ:ওড়িশাৰ উত্তেৰেশ্বৰী মন্দিৰত প্ৰাৰ্থনা কৰিলে মৃগী বেমাৰ ভাল হয় বুলি বহুতে বিশ্বাস কৰি আহিছে। এই মন্দিৰৰ দেৱী উত্তেৰেশ্বৰীক মদেৰে পূজা কৰিলেহে দেৱী সন্তুষ্ট হয় বুলি কোৱা হয়।

কাশী কে কটোৱাল:বাৰানসীৰ কাশী কে কটোৱাল মন্দিৰত প্ৰসাদ হিচাবে মদ আৰু মাংস আগবঢ়াই অহা হৈছে।
জিভা মামা মন্দিৰ:ভদোদৰাৰ জিভা মামা মন্দিৰ স্থাপন কৰা হৈছিল সেই অঞ্চলৰ লোকসকলক ডাকাইতৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰা জিভা মামাৰ স্মৃতিত। জিভা মামাই মদ-মাংস ভাল পাইছিল। সেইবাবে মন্দিৰটোত প্ৰসাদ হিচাবে মদ-মাংস আগবঢ়োৱা হয়।

ভদ্ৰ কালী মন্দিৰ: পুৰণি অমৃতসৰত থকা ভদ্ৰ কালী মন্দিৰত ভক্তই দেৱীক প্ৰসাদ হিচাবে আগবঢ়াই আহিছে মদ। সে মদ পিছত ভক্তৰ মাজত বিলাই দিয়া হয়। এনে মন্দিৰ সমূহত হাজাৰ হাজাৰ বছৰ ধৰি মদ প্ৰসাদ হিচাবে দিয়াৰ পৰম্পৰা চলি আহিছে।

Related News