ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত আৰক্ষীৰ অভিযানত ১০ টা চোৰাং গৰু উদ্ধাৰ

উৎস-ইণ্টাৰনেট

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত সোমবাৰে নিশা ধুবুৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই দহটা চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহৰ সময়ত উদ্ধাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে সোমবাৰে নিশা ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথত নাও এখনত গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ অভিযানকাৰী দলটোৱে গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও চোৰাং গৰুৰ সৰবৰাহৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নায়।

গৰু সৰবৰাহৰ সৈতে জড়িত সৰবৰাহকাৰী দলটোৱে আৰক্ষীৰ অভিযানকাৰী দলটো অহাৰ পূৰ্বে উক্ত স্থানৰ পৰা পালয়ন কৰে।

উল্লেখযোগ্য যে, ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰতিবছৰে বৃহৎ সংখ্যক গৰু অবৈধভাৱে বাংলাদেশলৈ চালান দি অহা হৈছে।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ অভিযানকাৰী দলে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও চোৰাং গৰুৰ সৰবৰাহ বন্ধ হোৱা নায়।