হিন্দু-মুছলমানৰ সমন্বয়েৰে ৰহাত ৬জানুৱাৰিৰ পৰা দহদিনীয়া ভোগালী বিহু উৎসৱ

প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সাৰেগামা সুৰবাহিনীয়ে এইবাৰ নগাঁৱত অহা ৬ৰ পৰা ১৫ জানুৱাৰিলৈকে ‘ভোগালী উৎসৱ, ২০১৯’ আয়োজন কৰিবলৈ লৈছে।

দহদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহাৰ নিকটৱৰ্তী থেকেৰাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আমনিশালী কৃষ্টি সমন্বয় ক্ষেত্ৰত আয়োজন কৰা এই ভোগালী উৎসৱত ৰাইজক বহিঃৰাজ্যত প্ৰস্তুত কৰা বিভিন্ন ভেজাল সামগ্ৰীৰ পৰিৱৰ্তে ভোগালী খাদ্য সামগ্ৰীৰ প্ৰকৃত সোৱাদ দিয়াৰ লক্ষ্য স্থিৰ কৰিছে আয়োজকসকলে।

স্থানীয় কেবাটাও সংগঠনৰ সহযোগত আয়োজন কৰা এই ভোগালীত বিভিন্ন সামাজিক সংগঠন, আত্মসহায়ক গোটে প্ৰস্তুত কৰা খাটি দৈ, চিৰা-পিঠা, স্থানীয় বিলৰ মাছ, হাঁহ, ছাগলী আৰু ঘৰুৱাভাৱে উৎপাদিত শাক-পাছলি আদিকে ধৰি সকলো খাদ্য সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোণমনি দত্তই কালি এক সংবাদমেলত কয় যে সম্প্ৰতি অসমত বিভেদ-বৈষম্য‌ বিৰাজ কৰিছে। যাৰ বাবে এই ভোগালী উৎসৱৰ এই কাৰ্যসূচীৰ মাজেৰে হিন্দু-মুছলমানৰ সু-সমন্বয় গঢ়ি তোলাৰ বাবে সকলোৱে লগেভাগে এসাজ ভোজভাতৰ আয়োজন কৰা হৈছে।

ইয়াৰ উপৰি এই দিনকেইটাত ‘সাৰেগামা সুৰ বাহিনী’ আৰু ‘আমাৰ বনানী’ৰ উদ্যোগত আমনিশালী গাঁৱৰ প্ৰতিঘৰতে ১০০১ জোপা নিমগছ আৰু চন্দন গছ ৰোপণ কৰা কৰাৰ লগতে ভেলাঘৰ চাবলৈ অহা প্ৰতিগৰাকী লোককে একোটাকৈ গছপুলি উপহাৰ দিয়া হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে ভোগালী উৎসৱস্থলীত জ্বলোৱা হ’ব ১১টাকৈ মেজি। প্ৰতিটো মেজিত প্ৰতিকী হিচাপে নামাকৰণ কৰা হ’ব দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ, অন্যায়, লুণ্ঠন আদিৰে। উক্ত ভোগালী উৎসৱৰ লগত সংগতি ৰাখি বানিজ্য মেলা, জনগোষ্ঠীয় খাদ্য মেলা, আনন্দ মেলা, সদৌ অসম ভিত্তিত সংগীত, নৃত্য, শিশুৰ ফেশ্বন শ্ব’ আদিৰ লগতে প্ৰতি নিশাই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব।