APDCLৰ নিযুক্তি কেলেংকাৰী; মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে আটক কৰিলে ১০জনক

WhatsApp Image 2021-09-25 at 12.06.08 PM

APDCL cash-for-job scam: অসম শক্তি বিতৰণ নিগম লিমিটেড (APDCL)ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীত জড়িত ১০জন লোকক আটক কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (ভিজিলেন্স চেল) চলোৱা অভিযানত আটক হৈছে ২০০৬ চনৰে পৰা APDCLৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কার্যনির্বাহ কৰা দীপাংকৰ দিহিঙীয়া।

অভিযোগ অনুসৰি দিহিঙীয়াই ‘নেইকম ইম্প্রেছন্ছ’ নামৰ প্রতিষ্ঠানটোক নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিয়াত মুখ্য ভূমিকা লৈছিল।

তদুপৰি,মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিক আটক কৰিছে।

এই অভিযানত ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমকো আটক কৰা হৈছে।

আৰু পঢ়ক: UPSC Civil Services 2020ৰ ফলাফল: প্রথম ২৫ৰ ১২গৰাকীয়েই মহিলা; অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী উত্তীৰ্ণ

মহানগৰীৰ বিভিন্ন স্থানৰ পৰা এই লোককেইজনক আটক কৰা হৈছে।

উল্লেখ্য যে ৰাজ্যপালৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রীৰ নিৰ্দেশত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে APDCLৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত চলাই আছে।

২০১৯ চনত APDCLৰ ১,৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা নাছিল।