শোকাৱহ নে দূৰ্ভাগ্যজনক! ছেলফিয়ে প্ৰাণ ল’লে ২৫৯ গৰাকী লোকৰ

Selfie

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

‘জাৰ্ণেল অব ফেমিলী মেডিচিন এণ্ড প্ৰাইমাৰী কেয়াৰ’ৰ নামৰ পত্ৰিকাত প্ৰকাশ পোৱা তথ্য অনুসৰি আঠবছৰত (২০১১ চনৰ পৰা ২০১৭ চনলৈ) সমগ্ৰ বিশ্বত ছেলফি উঠাৰ প্ৰতি থকা আসক্তিৰ ফলত মুঠ ২৫৯ গৰাকী লোকৰ মৃত্যু হয় (অসমীয়া দৈনিক অসম বাতৰি কাকতত প্ৰকাশিত বাতৰি)।

উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, পৰিসংখ্যাত থকা আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ছেলফি আসক্তিৰ বাবে মৃত্যু বৰণ কৰা লোকৰ সংখ্যা ভাৰত বৰ্ষত সৰ্বাধিক। ভাৰতত বিগত আঠ বছৰত ছেলফী উঠিবলৈ গৈ ১৫৯ গৰাকী লোকে মৃত্যুবৰণ কৰিবলগীয়া হয়।

ভাৰতৰ ছেলফি উঠি মৃত্যু হোৱা লোকসকলৰ ভিতৰত অসমৰ বহুকেইগৰাকী লোক আছে যিসকলে নদীৰ কাষত আৰু পাহাৰৰ ওপৰত ছেলফী উঠিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমানন্দত ছেলফি উঠিবলৈ গৈ এজন কিশোৰীয়ে কিছুবছৰ পূৰ্বে প্ৰাণ হেৰুৱাইছিল।

উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, বৰ্তমান তথ্যা প্ৰযুক্তিৰ যুগত হাতে হাতে মোবাইল ফোন অহাৰ পাছত মানুহৰ মাজত ক্ৰমে ছেলফি উঠাৰ আসক্তি বৃদ্ধি পাই আহিছে আৰু ইয়াৰবাবে বহু দূৰ্ঘটনা সংঘটিত হৈছে।

চলন্ত ৰে’লত, ওখ অট্টালিকাত, গভীৰ নদীৰ ওচৰত ছেলফি উঠিবলৈ গৈ প্ৰাণ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো আশ্বৰ্য্যকৰ বিষয়।