NORTHEAST NOW (Assamese)

অসম বিধানসভাত উত্তপ্ত পৰিৱেশ: সদনৰ মজিয়াত ভাষণৰ মাজতে শ্বেৰমান আলীলৈ চোঁচা ৰূপজ্যোতি কুৰ্মীৰ

March 21, 2025 6:44 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম বিধানসভাৰ সদনত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েভাষণৰ মাজতে বিৰোধী দলৰ বিধায়ক শ্বেৰমান আলীলৈ চোঁচা লোৱা কাৰ্যত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাই ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা বিচাৰিছে যদিও বিৰোধী দলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সদন ত্যাগ কৰে।

ঘটনাক্ৰম অনুসৰি বিধানসভাৰ আজিৰ বৈঠকত ধোদৰ আলীৰ সন্দৰ্ভত আলোচনা চলি থাকোঁতে ৰূপজ্যোতি কুৰ্মীয়ে শ্বেৰমান আলীলৈ চোঁচা লয়। ইয়াৰ পিছত সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। উপাধ্যক্ষ ডাঃ নোমল মমিনে পৰিস্থিতি শান্ত কৰিবলৈ বুজনি দিয়াৰ পিছত ৰূপজ্যোতিয়ে ক্ষমা প্ৰাৰ্থনা কৰি তেওঁ কয় যে মই কোনো বেয়া কথা কোৱা নাছিলোঁ। উঠি যাব নালাগিছিল বুলি ক্ষমা বিছাৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই ঘটনাক নজিৰবিহীন বুলি অভিহিত কৰি কয় বিৰোধী বিধায়কক মাৰিবলৈ চোঁচা লোৱা নিন্দনীয়। চৰাইদেউ জিলাৰ ৰাস্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব লাগে, হুলস্থূল নহয় বুলি মন্তব্য কৰে। আৰু দলে সদন ত্যাগ কৰাৰ সিদ্ধান্ত লয়। 

বিধায়ক হোৱা মনোৰঞ্জন তালুকদাৰে ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় এনেধৰণৰ ঘটনা দৃষ্টিকটু বুলি উল্লেখ কৰে আৰু আন বিধায়কে বাধা প্ৰদান নকৰা হ’লে শাৰীৰিক আক্ৰমণ হ’লহেতেন বুলি উল্লেখ কৰে। আৰু সাধাৰণ সতৰ্কবাণী এটাৰে দায় সামৰে বুলি ক্ষোভ প্ৰকাশ কৰে।

ঘটনাটোৰ পিছত সদনত পৰিস্থতি শান্ত হ’লেও ৰাজনৈতিক উত্তেজনা অব্যাহত। চৰাইদেউৰ ৰাস্তা আৰু চাহ জনগোষ্ঠীৰ সমস্যাৰ দৰে বিষয়সমূহ আলোচনাত পৰ্যবসিত নহ’ব বুলি বিৰোধীয়ে উদ্বেগ প্রকাশ কৰিছে। এনে ৰাজনৈতিক সংঘাতৰ মাজত জনসেৱাৰ মূল বিষয়সমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

Related News