NORTHEAST NOW (Assamese)

ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি মাৰোৱাৰী মেটাৰনিটি হাস্পাতলত উত্তেজনা

August 29, 2019 3:33 pm · কল্পজ্যোতি শইকীয়া
ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে মাৰোৱাৰী মেটাৰনিটি হাস্পাতলত উত্তেজনা। ফটো : নৰ্থইষ্ট নাও

এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পাতলত বৃহস্পতিবাৰে পুৱাৰ ভাগত উত্তেজনাৰ সৃষ্টি হয়।

কে চি দাস কমাৰ্চ কলেজৰ বি কম তৃতীয় ষান্মাসিকৰ ছাত্ৰ সুৰজ ঝাৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় এই উত্তেজনাৰ।

ছাত্ৰজনৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোক আৰু হাস্পাতল কৰ্তৃপক্ষৰ মাজত এক খণ্ড যুদ্ধৰ সৃষ্টি হয়।

জানিব পৰা মতে, তীব্ৰ জৰত আক্ৰান্ত হোৱাৰ বাবে বুধবাৰে নিশা প্ৰায় এক মান বজাত হাস্পাতলখনত ছাত্ৰজনক ভৰ্তি কৰোৱা হৈছিল।

নিশাৰ ভাগতেই ছাত্ৰ জনৰ মৃত্যু হয় যদিও হাস্পাতল কৰ্তৃপক্ষই পৰিয়ালৰ লোকক এই কথা জনোৱা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।

পুৱাৰ ভাগতহে চিকিৎসকে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।

হাস্পাতলখনৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰা মৃত ছাত্ৰজনৰ পৰিয়াল তথা  আত্মীয়সকলে হাস্পাতল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে আৰু এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইয়াৰ পাছতে ঘটনাস্থলীত ভৰলুমুখ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related News