শিৱসাগৰত ‘বেদখলকাৰী’ নাগা আৰক্ষীক ৰোধাত হেহোঁ-নেহোঁ অসম চৰকাৰৰ

হালোৱাটিঙত পূৰ্বে প্ৰস্তাৱিত চকী নিৰ্মাণত সংকোচ কৰা বুলি সোণোৱাল চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি বুধবাৰে আটাছুৱে বন্ধ কৰি দিয়ে নাগালেণ্ড সংযোগী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ। ৭ দিনৰ ভিতৰত বিষয়টো মীমাংসা নকৰিলে পুনৰ পথ অৱৰোধ কৰাৰো হুংকাৰ দিছে সংগঠনটোৱে।

assam nagaland border sivasagar

আটাছুৰ সৈতে অসম আৰু নাগালেণ্ডৰ প্ৰশাসন

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ এফ চেক্টৰৰ হালোৱাটিঙত অসমৰ মাটিতে নাগা আৰক্ষীয়ে সীমান্ত নিৰীক্ষণ চকী নিৰ্মাণ কৰাৰ বিপৰীতে উক্ত ঠাইত প্ৰস্তাৱিত অসমৰ সীমান্ত আৰক্ষীৰ পহৰা চকী নিৰ্মাণত হেহোঁনেহোঁ কৰাৰ অভিযোগ উত্থাপিত হৈছে ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে।

হালোৱাটিঙত পূৰ্বে প্ৰস্তাৱিত হোৱা সত্বেও চকী নিৰ্মাণত সংকোচ কৰা বুলি সোণোৱাল চৰকাৰৰ বিৰুদ্ধে বুধবাৰে অভিযোগ তুলি বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই বন্ধ কৰি দিয়ে নাগালেণ্ড সংযোগী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ।

নাগা আৰক্ষীৰ আগ্ৰাসী ভূমিকাৰ প্ৰতিবাদত যোৱা জুলাই মাহত অসমৰ ডেৰকুৰিতকৈও অধিক জাতীয় সংগঠনে সন্মিলিতভাৱে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিছ্ত শিৱসাগৰ জিলা প্ৰশাসনে এমাহৰ ভিতৰত বিষয়টো সমাধানৰ প্ৰতিশ্ৰুতি কৰিছিল।

কিন্তু প্ৰতিশ্ৰুতিৰ সময়সীমা উকলি যোৱাৰ পাছতো অসম চৰকাৰে পহৰা চকী নিৰ্মাণৰ কোনো ব্যৱস্থা নোলোৱাৰ প্ৰতিবাদত আৰু নাগা আৰক্ষীৰ চকীটো অসমৰ মাটিৰ পৰা নাগালেণ্ডলৈ উঠাই নিয়াৰ দাবীত বুধবাৰে পথ অৱৰোধ কৰি প্ৰতিবাদ জনাই আটাছুৱে।

‘জিলা প্ৰশাসনে কোনোধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা পুনৰ হালোৱাটিঙত নগালেণ্ডৰ আগ্ৰাসনৰ বিৰুদ্ধে পথ অৱৰোধ কৰা হৈছে,’ মন্তব্য আটাছু নেতা প্ৰদ্যুৎ গগৈৰ।

আবেলি নগালেণ্ড প্ৰশাসনৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু আমগুৰি চক্ৰ আৰক্ষী বিষয়া জে.টি.বৰুৱাৰ সৈতে হোৱা আলোচনাত প্ৰশাসনে বিষয়টো মীমাংসাৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰীসকলে সাময়িকভাৱে অৱৰোধ প্ৰত্যাহাৰ কৰে।

অহা ৭ দিনৰ ভিতৰত নাগালেণ্ডৰ মোককচাঙৰ উপায়ুক্ত, শিৱসাগৰৰ উপায়ুক্ত আৰু আটাছুৰ মাজত ত্ৰিপাক্ষিক আলোচনাৰে বিষয়টো মীমাংসা নকৰিলে পুনৰ পথ অৱৰোধ কৰাৰো হুংকাৰ দিছে সংগঠনটোৱে।

‘৭ দিনৰ ভিতৰত হালোৱাটিঙৰ প্ৰস্তাৱিত সীমান্ত পহৰা চকী নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে আমি দাবী জনাইছো। অন্যথা ৭ দিনৰ পাছত পুনৰ অনিৰ্দিষ্টকালীন পথ অৱৰোধ কৰা হ’ব,’ স্মাৰকপত্ৰযোগে প্ৰশাসনক সকীয়নি আটাছু নেতা প্ৰদ্যুৎ গগৈ আৰু আদিত্য ৰুচাওৰ।

নাগালেণ্ড  প্ৰশাসনে অসমৰ মাটিত স্থাপন কৰা সীমান্ত পৰীক্ষণ চকী নাগালেণ্ডৰ ভূমিলৈ স্থানান্তৰিত কৰা, আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙত স্থাপন কৰিবলৈ লোৱা অসমৰ সীমান্ত পহৰা চকী পূৰ্ব নিৰ্দ্ধাৰিত স্থানতেই তৎকালে নিৰ্মাণ কৰাৰ দাবীত আটাছুৱে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে প্ৰশাসনৰ জৰিয়তে নাগালেণ্ড চৰকাৰলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰে।