ইছলামাবাদ-ঢাকাৰ মাজত তুংগত কূটনৈতিক উত্তেজনা, ভিজা বন্ধ পাকিস্তানীৰ

Tensions brew as Bangladesh stops visas for Pakistani nationals

বাংলাদেশ আৰু পাকিস্তানৰ পতাকা।

মোদীৰ ভাৰতে কল্পনা কৰিব নোৱাৰা এটা কাম কৰি দেখুৱাইছে বাংলাদেশে— বন্ধ কৰি দিছে পাকিস্তানী নাগৰিকৰ ভিজা।

অবৈধ অনুপ্ৰৱেশকাৰী পঠোৱাৰ বাবে বাংলাদেশক ভাৰতীয় নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতাসকলে হয়তো খলনায়ক সাজি আহিছে, কিন্তু তেওঁলোকে উপলব্ধি কৰা নাই যে পাকিস্তান আৰ্মিৰ বিৰুদ্ধে এক তিক্ত সংগ্ৰামৰ পৰা জন্ম হোৱা দেশখনৰ ইছলামাবাদ-বিৰাগ এতিয়াও অন্ত পৰা নাই।

ঢাকাৰ শেহতীয়া সিদ্ধান্তটোৰ পিছতে পাকিস্তান-বাংলাদেশৰ মাজৰ কূটনৈতিক উত্তেজনাই সৰ্বকালৰ শীৰ্ষত অৱস্থান কৰিছে।

ঢাকাৰ বিদেশ বিভাগৰ সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাই যে ইছলামাবাদত বাংলাদেশৰ এজন কূটনীতিকৰ ভিজা নবীকৰণত পাকিস্তানে পলম কৰাৰ পিছতে যোৱা সোমবাৰৰ পৰা ইছলামাবাদস্থিত বাংলাদেশ দূতাৱাসৰ ভিজা শাখা বন্ধ কৰি দিয়া হৈছে।

ধাৰণা কৰা হৈছে যে বাংলাদেশত পাকিস্তানৰ নৱনিযুক্ত উচ্চায়ুক্তজনৰ মনোনয়ন এবছৰতকৈয়ো অধিক কাল ধৰি ঢাকাই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি অহাৰ পিছতে পাকিস্তানে ভিজা নবীকৰণত পলম কৰিছে।

২০১৮ চনৰ মাৰ্চত পাকিস্তানৰ বিদেশ মন্ত্ৰ্যালয়ে ইয়াৰ মনোনীত প্ৰতিনিধি চাকলেইন চিদাহৰ প্ৰস্তাৱ বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। সেই নিযুক্তিত বাংলাদেশে এতিয়াও সঁহাৰি জনোৱা নাই।

বাংলাদেশৰ তথ্য মন্ত্ৰী হাচান মাহমুদে তেওঁৰ অন্তিমতম ক’লকাতা ভ্ৰমণত নৰ্থ ইষ্ট নাও-ক জনাইছিল, “দূত হিচাপে চাকলেইনৰ প্ৰমাণপত্ৰ গ্ৰহণ নকৰাৰ ক্ষেত্ৰত আমাৰ খুব ভাল কাৰণ আছে।”

বহলাই নক’লেও বিষয়াগৰাকীয়ে জনাই যে তেওঁ হয়তো চোৰাংচোৱা সেৱাৰ পৰা আহিছে, বা নহ’লে সিহঁতৰ সৈতে ঘনিষ্ঠভাৱে জৰিত।

প্ৰধান মন্ত্ৰী শ্বে’খ হাচিনা হত্যাৰ কথিত চেষ্টাত পাকিস্তানী সেনা চোৰাংচোৱা সেৱা জৰিত থকা বুলি বাতৰিৰ পিছৰে পৰা আই এচ আইৰ কাৰ্য্যকলাপক লৈ বাংলাদেশ অত্যন্ত সতৰ্ক।

বিশেষকৈ তিনি বছৰ পূৰ্বে ২০জনতকৈ অধিক ব্যক্তি— যিসকলৰ বেছিসংখ্যকেই আছিল বিদেশী– নিহত হোৱা ঢাকা বেকাৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে বাংলাদেশে নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাই থকা ইছলামী বিদ্ৰোহীসকলক সমৰ্থন যোগাই অহা বুলি আই এচ আই-ক ই প্ৰায়ে দোষাৰোপ কৰি আহিছে।

মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা আৰু ১৯৭১ৰ মুক্তিযুদ্ধৰ সময়ত গণহত্যাকাৰী পাকিস্তান আৰ্মিৰ পক্ষ লোৱাত অভিযুক্ত পাঁচগৰাকী যুদ্ধ অপৰাধীক যোৱা বছৰ বাংলাদেশৰ ত্ৰিবিউনেলে মৃত্যুদণ্ড বিহিছে।

এই যুদ্ধ অপৰাধীকেইজনৰ ফাঁচীৰ বিৰুদ্ধে পাকিস্তান সংসদে বিভিন্ন সময়ত গৰিহণা দিয়াৰ লগতে প্ৰস্তাৱ গ্ৰহণ কৰিছে— যিটোক বাংলাদেশে ইয়াৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰূপে গণ্য কৰে।

বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম দমনত পাকিস্তান আৰ্মিক সহায় কৰা অপৰাধীৰ শাস্তি বিধানৰ বাবে ২০১০ চনত এই যুদ্ধ অপৰাধ ত্ৰিবিউনেল গঠন কৰা হৈছিল।

স্বাধীনতাকামী পূব পাকিস্তানত পশ্চিম পাকিস্তানে সেনা অভিযান আৰম্ভ কৰাৰ পিছত ১৯৭১ চনত পাকিস্তানত সূচনা হৈছিল এক গৃহযুদ্ধৰ ইয়াক বিভাজনৰ মুখলৈ লৈ গৈছিল। সেই সময়ত মৃত্যু হোৱা বাংলাদেশীৰ সংখ্যা প্ৰায় ৩ মিলিয়ন বুলি ধাৰণা কৰা হৈছে।

ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশত ভাৰতীয় সেনাৰ হস্তক্ষেপে যুদ্ধখনৰ সমাপ্তি ঘটাইছিল আৰু ভাৰত মিত্ৰ মুক্ত দেশ বাংলাদেশৰ সৃষ্টি কৰিছিল।