Allegation of killing newborn in Hospital নৱজাতক হত্যাৰ অভিযোগত উত্তপ্ত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

Golaghat newborn baby died

ফটো: নৰ্থইষ্ট নাও।

Allegation of killing newborn in Hospital গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয়ত অভিযোগ এক সাধাৰণ ঘটনা হৈ পৰিছে।পুনৰ আন এক গুৰুতৰ অভিযোগে জোকাৰি গৈছে সমগ্ৰ গোলাঘাট চহৰ।

ঘটনা অনুসৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালত নাৰ্ছক ধন দিব নোৱাৰাৰ বাবেই নৱজাতকক হত্যাৰ অভিযোগ ভুক্তভোগী প্ৰসূতিৰ।

পল্লৱী বিভাৰ নামৰ এগৰাকী প্ৰসূতিৰ নৱজাতক শিশুটিক হত্যাৰ অভিযোগ উঠিছে এগৰাকী নাৰ্ছৰ বিৰুদ্ধে।

চিকিৎসাৰ নামত গাফিলতি কৰি, দাবী কৰা ধন আদায় দিব নোৱাৰাৰ বাবেই নাৰ্ছে শিশুটিক হত্যা কৰাৰ অভিযোগ প্ৰসূতি পল্লৱী বিভাৰৰ পৰিয়ালৰ।

Also Read: Firing in CRPF Campছত্তীশগড়ত সহকৰ্মীৰ গুলীত নিহত ৪জন CRPF জোৱান; আন ৩জন আহত

আনহাতে, একাদিক্ৰমে তিনিবাৰলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিজ নৱজাতকৰ মৃত্যুৰ অভিযোগ মানৱ দাস নামৰ অন্য এজন ভুক্তভোগীৰ।

চিকিৎসকক সুধিলেই শিশুটি সুস্থ হৈ থকাৰ আশ্বাস দি শেষত শিশুকেইটিৰ একেধৰণেৰেই মৃত্যু হোৱাৰ অভিযোগ কৰে মাধৱ দাস নামৰ লোকজনে।

অৱশ্যে ,সমগ্ৰ অভিযোগ একেমুখে নস্যাৎ কৰিছে প্ৰসূতি বিভাগৰ চিকিৎসক ৰাজীৱ ফুকনে।

Also Read:Malnutrition in Indiaপুষ্টিহীনতাত ভূগিছে দেশৰ ৩৩লাখতকৈয়ো অধিক শিশু; কেন্দ্ৰৰ তথ্যত চাঞ্চল্য

উল্লেখ্যোগ্য যে চিকিৎসালয়খনৰ প্ৰসূতি বিভাগক মাত্ৰ তিনিগৰাকীহে চিকিৎসক কৰ্মৰত। চিকিৎসক ৰাজীৱ ফুকন, দিলীপ ডেকা আৰু ৰেকিব হুছেইন।

তেনেক্ষেত্ৰত জিলাখনৰ একমাত্ৰ মুখ্য চিকিৎসালয় হিচাপে সকলো ৰোগীক সামৰি লোৱাটো সম্ভৱ নহয় বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

এতিয়া সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত বিৰাজ কৰিছে এক চেপা উত্তেজনাই।