টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন , ন্যাস বঁটা প্ৰদান

P_20210107_152804

যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে অনুস্থিত কৰা হয়।

বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে  পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ মুখ্য সঞ্চালক প্ৰদীপ চুতীয়াই l

স্মৃতি তৰ্পণ কৰে  সচিব সৌৰভ বৰাই l প্ৰদৰ্শনীৰ  দ্বাৰ উন্মোচন কৰে অধ্যক্ষ ঋষেশ্বৰ শৰ্মাই l

টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপল্যক্ষে   শিক্ষবিদ ড° অকণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত উদ্দেশ্যে ব্যখ্যা কৰে সচিব সৌৰভ বৰাই আৰু আদৰণি বক্তব্য প্ৰদান কৰে বিদ্যালয়ৰ মুখ্য সঞ্চালক প্ৰদীপ চুতীয়াই l

প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্ধাৰিত বিষয়ৰ ওপৰত মুখ্য বক্তা হিচাপে কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তথা নিবন্ধকাৰ ড° পংকজ গোস্বামী আৰু বিশিষ্ট অতিথি হিচাপে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মন্টু কুমাৰ বৰা উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

মুকলি সভাত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কলা প্ৰদৰ্শন কৰে l

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰতিষ্ঠা বৰ্ষত নামভৰ্তি কৰি বৰ্তমান সুখ্যাতিৰে স্নাতকোত্তৰ শিক্ষা লাভ কৰি  বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱা ৬ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে বহু কেইগৰাকী কৃতী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ পাৰদৰ্শিতাৰ ভিত্তিত  ন্যাস বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

মুকলি সভাত  ছাত্ৰ-ছাত্ৰী, অবিভাৱক, শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে বহু সংখ্যক নিমন্ত্ৰিত অতিথি উপস্থিত আছিল l