অসম চৰকাৰৰ নিৰ্দেশত টীয়কত দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰা হ’ল আৰ্থিক সাহায্য

Screenshot_2020-04-09-13-48-22_1

ফটো : নৰ্থ-ইষ্ট নাও

লকডাউনৰ সময়ত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক চৰকাৰে বিনামূলীয়া চাউলৰ যোগান ধৰাৰ সমান্তৰালকৈ যিসমূহ পৰিয়ালৰ আৰ্থিক অৱস্থা সুচল নহয় যদিও কোনো কাৰণত প্ৰধানমন্ত্ৰীৰ অন্ন সুৰক্ষা যোজনাৰ অধীনৰ ৰেচন কাৰ্ড নাই সেই  দৰিদ্ৰ পৰিয়ালৰ বাবে এহেজাৰকৈ টকা প্ৰদানৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই পদক্ষেপৰ অধীনত আজি টীয়ক পৌৰসভাৰ অধীনত চাৰিটা ৱাৰ্ডৰ মুঠ ২৮৫ টা পৰিয়ালক চৰকাৰী নিৰ্দেশনা বজাই ৰাখি ১০০০কৈ টকা প্ৰদান কৰে।

উল্লেখ্য যে এই ধনৰাশি বেংকত একাউন্ট থকাসকলক একাউন্টত তথা চেকৰ জৰিয়তে আৰু বেংক একাউন্ট নথকাসকলৰ ঘৰে ঘৰে গৈ নগদ ধন প্ৰদান কৰে।

নগদ ধন প্ৰদান কৰে পৌৰসভাৰ কাৰ্যাবাহী বিষয়া জয় প্ৰকাশ মহন্ত আৰু পৌৰসভা কাৰ্যালয়ৰ অভিযন্তা আচাৰুদ্দিন আহমেদকে প্ৰমুখ্য কৰি কেইবাজনো বিষয়-ববীয়াই।

সংকটৰ সময়ত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে উক্ত ধনৰাশি লাভ কৰি দৰিদ্ৰ হিতাধিকাৰীসকল বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰিছে সচেতন ৰাইজে।