টীয়কত প্ৰশাসনৰ নিৰ্বাচনী তৎপৰতা : ১৯১ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ১.৩১ হাজাৰোধিক ভোটাৰে

111195-delhi-voter-id-pti

নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ অসমতে প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাট জিলাৰ টীয়কতো জিলা প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে।

জিলাখনৰ অন্তৰ্গত ১০২ নং বিধান সভা সমষ্টিটো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰাজহুৱা স্থানত থকা চৰকাৰী আঁচনিসমূহৰ হৰ্ডিং, পোষ্টাৰ আদি আঁতৰাই পেলোৱাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা দিশটো পৰ্যবেক্ষণ কৰিছে।

এইবাৰ টীয়ক বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী।

সমষ্টিটোত অতিৰিক্ত ২০ টা ভোট গ্ৰহণ কেন্দ্ৰ ধৰি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১৯১ টা।

ইতিমধ্যে সকলো কাম-কাজ চক্ৰ বিষয়াৰ নেতৃত্বত সুচাৰুৰূপে আৰম্ভ হৈছে আৰু সকলো ঠিকে থাকে চলাই নিবলৈ সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।