Rule of the Road ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে যোৱা ১ডিচেম্বৰৰ পৰা দুচকীয়া যান বাহনত যাত্ৰা কৰা চালকৰ লগতে আৰোহীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক লগতে দুচকীয়া বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো বাঞ্ছনীয়।
তাৰে উদ্দেশ্যে বৃহস্পতিবাৰৰ পৰা টীয়ক আৰক্ষীয়ে টীয়কৰ জগদুৱাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক অভিযান আৰম্ভ কৰিছে।
উক্ত পথদি যোৱা মটৰচাইকেল আৰোহীসকলৰ হেলমেট তথা লাইচেঞ্চৰ পৰীক্ষা কৰাত ব্যস্ত হৈ আছে আৰক্ষী।
Also Read: Imran Shah: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহক বৰ অসম সমন্বয় বঁটা ২০২১ প্ৰদান
উল্লেখ্য যে উক্ত সময়ছোৱাত যিসকলে চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰা নাই তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি জৰিমনা বিহাৰ লগতে এজাহাৰ বিহীন গোচৰো ৰজু কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ এই পদক্ষেপে বিশেষকৈ নৱ প্ৰজন্মৰ চালকসকলক অধিক দায়িত্বশীল কৰি তুলিব আৰু ইয়াৰ জড়িয়তে পথ দুৰ্ঘটনা ৰোধ হ’ব বুলি আশা প্ৰকাশ কৰিছে টীয়ক আৰক্ষীয়ে।