লকডাউনৰ কৰ্ম ব্যস্ততাৰ মাজতে দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ টীয়ক আৰক্ষীৰ

Nirmalendu Story

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত লকডাউনে এসপ্তাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত অসম আৰক্ষীৰ ভূমিকা অতিকৈ প্ৰসংশনীয় হিচাপে বিবেচিত হৈছে।

দিন ৰাতি একাকাৰ কৰি নিজৰ লগতে পৰিয়ালৰ কথা নাভাবি ভয়ংকৰ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে অঘোষিত অদৃশ্য যুদ্ধত অৱৰ্তীণ হৈছে প্ৰতিজন আৰক্ষী।

প্ৰশাসনিক সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ উপৰি ৰাজ্যৰ বহু আৰক্ষী ব্যস্ত হৈ পৰিছে বিভিন্ন সমাজ হিতকৰ কামত।

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈৰ নেতৃত্বত এটা দলে বৃহস্পতিবাৰে টীয়কৰ বৃহত্তৰ জাঁজীমুখ, কাৱৈমাৰিকে ধৰি কেইবাটাও ভিতৰুৱা অঞ্চলত ডেৰ শতাধিকৰো অধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

আৰক্ষীৰ দলটোৱে উক্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল, দাইল, চয়াবিন, বিস্কুত, আলু, পিয়াজ আৰু মিঠাতেলৰ এটাকৈ টোপোলা প্ৰদান কৰি মানবতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।

ইয়াৰ উপৰি সকলো ৰাইজকে সামাজিক দূৰত্ব মানি প্ৰশাসনে ধাৰ্য কৰা নীতি-নিয়ম আকোৱালি ল’বলৈ আহ্বান জনাইছে।

ইফালে ইমান ব্যস্ততাৰ মাজতো আৰক্ষীয়ে দুৰ্গতসকলক সহায় কৰাৰ বাবে আগবাঢ়ি অহা কাৰ্যক সকলোৱে আদৰণি জনায়।