NORTHEAST NOW (Assamese)

হোম কোৱাৰেন্টাইনত থকা পৰিয়ালক সহায়ৰ হাত টীয়কৰ সমাজকৰ্মীৰ

May 23, 2021 2:31 pm · নিৰ্মলেন্দু পাঠক
Updated: May 23, 2021 2:33 pm

অসমত বৰ্তমান চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল তথা চাহ বাগিচা অঞ্চলত ক্ৰমাৎ ক’ভিড প’জিটিভ লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

কিন্তু হোম কোৱাৰেন্টাইন ঘোষণা কৰা পৰিয়ালসমূহক প্ৰশাসনৰ তৰফৰ পৰা বিশেষ কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালসমূহ।

পৰিয়ালসমূহৰ এনে অৱস্থাৰ কথা জানিব পাৰি টীয়কৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে হোম কোৱাৰেন্টাইনত থকা টীয়ক আৰু মৰিয়নী সমষ্টিৰ কেইবাটাও পৰিয়ালক নিজৰ গাঁঠিৰ ধন ভাঙি সাধ্য অনুসৰি খাদ্য সামগ্ৰী তথা মাস্ক চেনিটাইজাৰ যোগান ধৰিছে।

লগতে কোনো হোম কোৱাৰেন্টাইন হৈ থকা পৰিয়াল যদি অসুবিধাত পৰিছে তেন্তে অতি শীঘ্ৰেই তেওঁৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ব্যক্তিগৰাকীৰ এনে পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে।

Related News