NORTHEAST NOW (Assamese)

ডা: দেবেন দত্তৰ হত্যাকাণ্ড : অভিযোগনামাত অভিযুক্ত বিজেপি নেতাক “সাক্ষী” সজাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

September 25, 2019 1:19 pm · এন ই নাও নিউজ
Updated: September 25, 2019 1:23 pm
ডাঃ দেবেন দত্ত

টীয়ক বাগিচাৰ জ্যেষ্ঠ চিকিৎসক ডা: দেবেন দত্তক নৃশংস হত্যাৰ ঘটনাটোত আৰক্ষীয়ে আদালতত দিয়া অভিযোগনামাখনত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে।

গোচৰীয়া পক্ষৰ অধিবক্তাই ২৪ ছেপ্টেম্বৰত যোৰহাট প্ৰে’ছ ক্লাবত এখন সংবাদমেলত কয় যে আৰক্ষীৰ হাতত এটা বিশেষ ৰাজনৈতিক দলৰ মুকুল ৰাজোৱাৰ নামৰ নেতাজন প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰমাণ থকাৰ পিছতো তেওঁক আৰক্ষীয়ে সাক্ষীহে সজালে।

মুকুল ৰাজোৱাৰ টীয়কৰ বনাইগাওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আৰু ঘটনাটোৰ পিছত এজন অভিযুক্ত হিচাপে আৰক্ষীয়ে তেওঁকো আটক কৰিছিল।

গোস্বামীৰ অভিযোগ, ৰাজনৈতিক হেঁচাতে আৰক্ষীয়ে এই আচামীজনক ৰক্ষণাবেক্ষণ দিবৰ বাবে সাক্ষী হিচাপে উল্লেখ কৰিলে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত এই নেতাজনক ঘটনাটোত জড়িত থকাটো স্পষ্ট দেখা যায়, যিটো আৰক্ষীৰ হাততো আছে।

অভিযোগনামাত কিছুমান কথা কৌশলপূৰ্ণভাৱে এৰাই চলা হৈছে বুলি সংবাদমেলত দাবী কৰে অধিবক্তাজনে।

আনহাতে অভিযোগনামা দাখিল কৰিলে যদিও তদন্ত সুৰুঙাবিহীনভাৱে সম্পন্ন কৰা বুলি আৰক্ষী অধীক্ষকে দিব লগীয়া টোকাটো সন্নিৱিষ্ট নকৰা বুলিও জানিব পৰা গৈছে।

ইপিনে হত্যাত প্ৰত্যক্ষভাৱে জড়িত বিজেপিৰ নেতা মুকুল ৰাজোৱাৰ নাম অভিযোগনামাত আচামীৰ পৰিৱৰ্তে সাক্ষী হিচাপে উল্লেখ হোৱাত আশ্চৰ্য্য প্ৰকাশ কৰে প্ৰয়াত দত্তৰ পত্নীয়েও{

Related News