NORTHEAST NOW (Assamese)

কাশ্মীৰৰ বিজেপি নেতা হত্যাকাণ্ডৰ সৈতে জড়িত সন্ত্ৰাসবাদী নিহত

August 19, 2020 9:21 am · এন ই নাও নিউজ

জম্মু-কাশ্মীৰৰ বিজেপি নেতা ৱাছিম বাৰী তেওঁ পিতৃ আৰু ভাতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ এগৰাকীক সুৰক্ষা বাহিনীয়ে সংঘৰ্ষত নিহত কৰিছে বুলি উল্লেখ কৰে।

মঙলবাৰে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ গৰাকী নিহত হয় বুলি জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে প্ৰকাশ কৰে।

নিহত হোৱা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ গৰাকী ওছমান বুলি চিনাক্ত কৰা হৈছে।

ওছমান চাজাদ হায়দৰৰ সহযোগী আছিল। চাজাদ হায়দৰো লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষস্থানীয় কামাণ্ডাৰ আছিল।

চাজাদ হায়দৰকো সুৰক্ষা বাহিনীয়ে সোমবাৰে গুলীয়াই হত্যা কৰে।

উল্লেখযোগ্য যে, সোমবাৰে কাশ্মীৰত সুৰক্ষা বাহিনীৰ টহলদাৰী গোট এটাৰ ওপৰত সন্ত্ৰাসবাদীৰ দল এটাই অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত দুগৰাকী জম্মু-কাশ্মীৰ আৰক্ষীৰ জোৱান চহিদ হৈছিল।

সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ পাছতে কাশ্মীৰত সেনা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

Related News