NORTHEAST NOW (Assamese)

সেনাৰ প্ৰশিক্ষণ শিবিৰত ভয়ানক বিস্ফোৰণ! নাচিকত নিহত দুই অগ্নিবীৰ জোৱানৰ

October 11, 2024 7:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মহাৰাষ্ট্ৰৰ নাচিকত ভাৰতীয় সেনাৰ প্ৰশিক্ষণ শিবিৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত নিহত হৈছে দুই অগ্নিবীৰ জোৱান।

শুকুৰবাৰে নাচিক আৰক্ষীয়ে জনোৱা মতে, শিবিৰটোত আগ্নেয়াস্ত্ৰ নিক্ষেপ কৰাৰ প্ৰশিক্ষণ শিবিৰ চলি আছিল। কিন্তু হঠাৎ আগ্নেয়াস্ত্ৰ বিস্ফোৰণ ঘটি দুই সেনা জোৱানৰ মৃত্যু হয়।

আৰক্ষীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত নাচিক পথৰ সমীপৰ দেৱলালি কেম্প লস্কৰ অঞ্চলৰ ফায়াৰ ৰেঞ্জ আৰ্টিলাৰীৰ ইণ্ডিয়ান শ্বিল্ড গান ফিল্ডত অগ্নিবীৰ জোৱানসকলে প্ৰশিক্ষণ লৈ আছিল। দুজন জোৱানক কামানৰ গুলী ভৰোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল। সেই সময়ত হঠাতে এটা খোলাত বিস্ফোৰণ ঘটিছিল।

বিস্ফোৰণত গুৰুতৰভাৱে আহত দুজন অগ্নিবীৰক ততাতৈয়াকৈ দেওলালিৰ এম এইচ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তাত থকা চিকিৎসকে কয় যে ইতিমধ্যে দুজন অগ্নিবীৰৰ মৃত্যু হৈছে।

দেওলালি আৰক্ষী কেম্পে হাবিলদাৰ অজিত কুমাৰৰ অভিযোগৰ ভিত্তিত আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰে। কেনেদৰে জৱান দুজনৰ মৃত্যু হ’ল তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News