NORTHEAST NOW (Assamese)

দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ ঘটনা! জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠানৰ মাজতে হত্যা এজনক

November 17, 2024 9:39 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 18, 2024 7:13 pm

দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে ডেগাৰে হানি-খুচি হত্যা কৰা হয় এজন যুৱকক। গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক অনুষ্ঠান চলি থকাৰ মাজতেই সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড৷ চাম্পুপাৰাৰ ভাউৰিয়াভিটাৰ লুইত হুছেইন ডেগাৰেৰে হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই। বিশ বছৰীয়া যুৱকজনক নিশা প্ৰায় দহ বজাত সাস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে দুৰ্বৃত্তই খেদি খেদি ডেগাৰেৰে হানি-খুচি হত্যা কৰে বুলি জানিব পৰা গৈছে৷

ঘটনা অনুসৰি গৰৈমাৰী টাউন ক্লাৱ খেল পথাৰত চলি আছিল পশ্চিম বংগৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ মৰ্মিতা মিত্ৰৰ সাংস্কৃতিক অনুষ্ঠান। তেনে সময়তে দুটা ভৈদৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ। অৱশেষত এই সংঘৰ্ষই লয় চূড়ান্ত ৰূপ।

ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে। হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ ইপিনে উত্তেজিত ৰাইজে হত্যাকাণ্ডৰ জড়িত দুজনৰ ঘৰ জ্বলাই দিয়ে৷

Related News